Wednesday 26 February 2014

বকুল









বকুল
মোৰ পিতাইৰ গাঁৱত এখন নদী আছিল
পাক্-ঘূৰণি সোঁতৰ পৰা পাৰত উঠি আহিব খোজোঁতে
উটি লো
ঢৌৰ বিঢৌত গতিত
চহৰমুখী

নৈৰ ইহকাল-পৰকাল
নৈৰ বুকুতে

ডুবি আছিল
দূবৰিৰ নিয়ৰত
কাঁচিজোন

দুৰ্ভিক্ষত নুফুলিল
সূৰুযমুখী

বাৰীৰফালে ফেঁচাজনীৰ নিউনিউমাততো শুনি
আইৰ সজল দুচকুত নাচি উঠে
ধপধপনি এটা

লুইতৰ বুকুফালি পিতাই গৈ আছিল
নামনিৰ কমাৰশাললৈ

পানীপোতাত মই চেঁকুৰিয়াই আছো
ৰঙাঘোঁৰা
কাগজৰ...

বকুল
বকুলৰ মালা গাঁঠি গাঁঠি কিনো পাবি
চহৰলৈ যাওঁ
আটায়ে মোনাত কি ভৰাইছে চাওঁ

সাগৰ সৌৰভ

Wednesday 19 February 2014

আপোনাৰ সন্ধানত

আপোনাৰ সন্ধানত











সপোনত দেখা দিন ধৰি
আপোনাক মই বিচাৰি ফুৰিছো
ঐয়াঙে-দৈয়াঙে

প্ৰথম দেখাত
মাছ এজনী হৈ ঢৌৱে ঢৌৱে খেলি আছিলে
পিছল শৰীৰত কতবাৰ পিছলিছিলে
পানী

জলকুঁৱৰী হৈ
পানীৰ বুকুলে সোমাইছিলে
সাধুকথা এটাই গিলি আছে
আপোনাৰো অজ্ঞাতে...

বহুবাৰ দেখিছো আপোনাক
নিদ্ৰাহীনতাত...
চকুহালে মোৰ পিন্ধিছে
ৰং

এদিন আপোনাক বিচাৰি বিচাৰি
কেঁকুৰি এটাৰে সোমাই গৈ
ৰাতিৰ অৰণ্য খেদি খেদি
নিজান বাটকুৰি বাই
কেইবাখোজো...

বজাৰখনলৈ সোমাই গৈ
বুটলিলো গুণগুণনি
শুনা নাপালো একোকে

নিজান দ্বীপৰ বালিচৰত
কবিতা এটাই মোক আঁজুৰি থাকোতেহে জানিলোঁ
ৰাতি হলে শুব নোৱাৰে বাবেই
সঘনাই আপোনাক মই সপোনত দেখো


সাগৰ সৌৰভ

Tuesday 18 February 2014

আজন্ম

আজন্ম

শুকান মৰাঠাৰিবোৰ মৰমৰকৈ ভাঙি পৰাৰ দৰে
অথবা ওখ গড়াটো ক্ৰমান্বয়ে নৈখনিত মিলি যোৱাৰ দৰে
এটা দুখ

দুখৰ পৰিসীমা দুখ                                                          
জীৱনজোৰা...

ভাৱনাৰ স্বৰলিপি
নিমাত অনুনাদ

নৈখনে মেলি দিলে নাও
নাও বোলে উঠোতে ডুবে
নামোতে ডুবে
নাৱৰীয়া গুছি যায়
দুঁদতীয়া দলং বগায়

ৰংদৈ আচলেৰে নামিছে সন্ধিয়া
ভটিয়নি পশ্চিম
গধূলিক মাতি নিলে
জিলীবোৰে অৰণ্যলে
হাবিত কাঁহে
ওলাই নাহে

দুখবোৰে পিন্ধি লে জৰায়ু
শুই থাকিল উজাগৰে
দহমাহ দহৰাতি

                                        সাগৰ সৌৰভ

Monday 17 February 2014

আজন্ম

শুকান মৰাঠাৰিবোৰ মৰমৰকৈ ভাঙি পৰাৰ দৰে
অথবা ওখ গড়াটো ক্ৰমান্বয়ে নৈখনিত মিলি যোৱাৰ দৰে
এটা দুখ

দুখৰ পৰিসীমা দুখ                                                          
জীৱনজোৰা...

ভাৱনাৰ স্বৰলিপি
নিমাত অনুনাদ

নৈখনে মেলি দিলে নাও
নাও বোলে উঠোতে ডুবে
নামোতে ডুবে
নাৱৰীয়া গুছি যায়
দুঁদতীয়া দলং বগায়

ৰংদৈ আচলেৰে নামিছে সন্ধিয়া
ভটিয়নি পশ্চিম
গধূলিক মাতি নিলে
জিলীবোৰে অৰণ্যলে
হাবিত কাঁহে
ওলাই নাহে

দুখবোৰে পিন্ধি লে জৰায়ু
শুই থাকিল উজাগৰে
দহমাহ দহৰাতি





সাগৰ সৌৰভ

Friday 14 February 2014

বংশীৰ বাঁহী


বংশীৰ বাঁহী

মৰনৈ পাৰত বংশীয়ে যদি বাই বাঁহী
জ্বলি উঠে টেঙেচি ফুলৰ চাকি
সাৰ পাই উঠিছে
জকাইচুকীয়া মাছ
চৰাইমৰা দলনিতো পিশাচীৰ নিস্ফূট মাত

কিমান মাতিম আই
নাহিলি দুনাই

চা-চোন
কেনেকৈ ফুলিছে সেয়া
ভেটনিত পাঁহি
বংশীৰ বাঁহী

শুনচোন শুন
তেঙাখাতীৰ ৰাউচি
বংশীক আহিছে খেদি
কিয়নো তেনেকৈ বজালি
কাল-সন্ধিয়াটো বিনালি

ক-চোন ক এবাৰ
তুহিলাবাৰীৰ সাধুটো
লেঠা হেনো মিকিৰবৰানীৰ গা-টো
বিহুখন কেতিয়া পাতিব
নখবোৰ কলা কৰি কোনোবা জিকিব
ধিনখিতা খিতদাও দুমদুম বাজিব
নাচিব নাচিব লোহিতমুখীয়া নাচনী নাচিব

গা-চোন গা লোহিতমুখৰ গানটি
কামদেৱাল এৰি গল সেই গাভৰু হাঁহি
এনেকৈ কেনেকৈ থাকিবি
মেলি দে মেলি দে তোৰ এহতীয়া ডিঙা
বাঁহী বাই ওৰে ৰাতি পাওগৈ পিছলা
শেহ নিশা খাৱৈত নামিম
জলকুঁৱৰীক মাতিম
পাতিম পাতিম তোৰ বিয়া পাতিম

ৰ-চোন ৰ
পিছলালৈ নাযাবি
পিছলিব মনটি
সুৰে সুৰে সুলকিছে মেঠনি
শৰীৰত তোৰ কিহৰ অগনি
ইমাননো কিহৰ ভোক
চিকাৰীঘৰৰ লতাৰে বান্ধি দিও মুখ

 সাগৰ সৌৰভ