Friday 25 November 2016

জীয়াভৰলীত বনভোজ




এদিন
সেমেকা বতৰত আমি জীয়াভৰলীত বনভোজ খাবলৈ বহিলোঁ
জুৰিলি বতাহত নাচি উঠিল
নৈৰ দুপাৰ
বিয়েৰৰ বটলটো খুলি দিওঁতে হোৱা বুৰবুৰণিটো আওকাণ কৰি
আমি ঢোকাঢোকে গিলিলোঁ
মূৰ পাক খাই যোৱা নিচাতো
অলেখ বুৰবুৰণি
ভাবত মতলীয়া হৈ
খালি বটলকেইটাকে ঝুনঝুনাই
আমি দেও পাৰি নাচিলোঁ

নাচৰ শেষত
আকৌ নাচিলোঁ
ইজনে সিজনক চৰিয়ালোঁ
ঘুচিয়ালোঁ
আৰু মুৰ্হূতৰ বাবে সাবট মাৰি ধৰিলোঁ

চোলাৰ বুটাম খুলি
দাঁত কৰচি
এইবাৰ বটলটো পানীলৈ
দলিয়াই পেলালোঁ
যিমান পানী উফৰি আহিল
নোমডালকে চুবহি নোৱাৰিলে

কিবা এটাৰ দুখত
অথবা উৎসাহত
পানীবোৰে আমাক এৰি যাব খুজিছিল
ভটিয়নী খোজত বটলটোৱে
আমালৈ চাই চাই ভেঙুচালি কৰিলে

সেইটোকো আওকাণ কৰি আমি
মূৰত বান্ধি ল’লোঁ গামোচা
গীতৰ শেষত নিজকে পাহৰিলোঁ
মাৰ যাব খোজা বেলিটোলৈ চাই
টেঁটু ফালি চিঞৰিলোঁ

লাহে লাহে সন্ধিয়াটোৱে আমাক
নিৰৱে গাত পাতি ল’লে



সাগৰ সৌৰভ

Saturday 8 October 2016

জুই




খিৰিকীৰ সুৰংগ এটাৰে
চটফটাই চটফটাই
ৰাতিপুৱাতে চকুযুৰি যিমান দূৰলৈকে গুছি যায়
ঠিক তাৰ পৰাই
আৰু এহাত মেলি দিলেই
অনায়াসে সকলো সুন্দৰ

মাথোঁ কুঁৱলীৰ সৈতে ঠেলা-বগৰা
খেলি খেলি আহি থকা সূৰুযে
সেই কথা মানি লব নোখোজে

সূৰুয আমাৰ গাৱৰে
মোৰ সহপাঠী
সূৰুযে ভাল পাইছিল
নীলাক

নীলাই কপালত ৰঙাকৈ এটা
আঁচোৰ খালে
বেছিদিনৰ কথা নহয়

সেই বাটেৰে সি আহোঁতে আহোঁতে
কতযে কি নেদেখিলে
ৰবাত জুই লাগিল ওৰেৰাতি
আৰু ৰাতিপুৱাতে লচালিবোৰে
চাঁইৰ সৈতে খেলি থাকিল

ৰবাত পানী বাঢি়ল
চালিবোৰে ডেও দি দি
সাঁতোৰ সাঁতোৰ খেলি থাকিল         

তেনেকৈয়ে সি বাট কুৰি বাই
এই চহৰ পালেহি

এই চহৰত জুই লাগিলে
ভাঁটৌৰো জিভা পুৰে

                   সাগৰ সৌৰভ

Saturday 1 October 2016

ৰঘুমলা



এঢোক-দুঢোক
ঢোকা-ঢোকে গিলি
ফুট-গধূলিতে সি কলেনো যায়

পূৰ্ণিমাৰ কামিহাঁড় কিমান ঠুনুকা
দুহাতেৰে জুখি জুখি চায়

মৰাশৰ দৰে মাত এটাই
বাৰে বাৰে সকীয়ায়

তিৰিৰ বিয়ন
মুনিহৰ ৰণ
কোনেনো ভাবি চায়

কাঠৰ টিকা পাৰ হ’লেই
ৰঘুমলাক পায়
আই-ঐ দেহি-ঐ বুলি
আউলী-বাউলী জনী হৈ
গাতে জঁপিয়ায়

চন্দ্ৰ-পূৰ্ণিমাৰ ৰাহি নাহে
গোট গাঁৱে গায়
কাউৰী ৰাখি ভাত খাই
ৰাতি ৰাতি টোকাৰী বজায়

ৰঘুমলা ঐ ৰঘুমলা
আবৰি ধৰিলি মোক ৰঘুমলা
পূৰ্ণিমাৰ ৰাতি মোক অকলে এৰি দে
নিথৰ শৰীৰটো বতাহত মেলি দে



সাগৰ সৌৰভ

Saturday 13 August 2016

পৰিসীমা




এইখিনিতে
 ঠিক এইখিনিতে ঘাটজালখন আছিল
সোঁতৰ পৰা ৰূপাহী মাছবোৰক জিয়নাখনলৈ তুলি
তাৰ বিহুফাঁকি লোহিতমুখৰ ফালে গৈ আছিল
সৌ সিদিনালৈকে…
তেতিয়াতেই ঘূ - ঘ্ৰাণে ওলাইছিল কথাটো
সুঁতিটো সেইফালে বোৱাই নিয়াৰ
এইখিনিতে
 ঠিক এইখিনিতে তাক পোতা হৈছিল
বিয়াৰ আগতেই বিধবা হোৱা মৰতীয়ে যেনিবা মুখকে নুখুলিলে
কিহৰ ভয়ত ?
দুমুঠি সুতাই ঢাকি পেলালে
পানীসৰা চালৰ মুধচ



এইবাটেদি গাড়ী – গুৰা নচলিছিলেই
ৰাস্তাৰ শিলবোৰেই ক’ব
ত্ৰিশূল লোৱা মানুহবোৰ অহাৰ কিমান দিন আগতেই
আৰু শিলঘাটৰ বেপাৰীবোৰ
ভোট নে ভোজ মানুহে গমকে নেপাইছিল
সাম কটা বানৰ পিছত অহা গোঁসায়েই আছিল
একমাত্ৰ আলহী



ভাবিছিলো
ঘূৰি আহি এদিন বাৰীৰ ঢাপ কাটি কলখেতি কৰিম
আঁহতৰ তলত বিহু পাতিম
আঁহতৰ তলত
স্পনচাৰৰ কথাবোৰ কিমান দিনৰ বুলিনো ভাবিছা
আঙুলিৰ মূৰত  কি গণিছে সিহঁতে
মন্দিৰো হ’ল কেইটা
আৰু বহুত কিবাকিবি
তেতিয়া এটাই নামঘৰ আছিল । এটাই ।
পিচলাৰ ফালে মানুহবোৰে হেনো কিবা নতুন ধৰ্মৰ কথা পাতিছে

জানানে
অতি সোনকালেই সিহঁত ভাগৰি পৰিব
ফাটকাবাজি আৰু উৰুলিৰ হৈ-হাল্লাত
এপাকো নাচিব নোৱাৰাকৈ সাবতি ল’ব শেতেলী
আৰু সেইসময়তে অতদিনে আঁকি থকা পৰিসীমাৰ ৰঙা ছবিখন
আমি ফালি পেলাম
                           
                                  সাগৰ সৌৰভ


Wednesday 13 April 2016

ধেংকুলুচ

ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই
                                   
()
নাহিলে ঘুমটি ৰাতিটো আই
সাউদৰ পুতেকচোন নাহিল দুনাই
ডিঙৰা মেলিলে যমুনাক চাই
উজাগৰ ৰাতিয়ে কলিজা খাই
কতেনো আছেগৈ মাউৰত মৰা
সকলো আহিলচোন বাণিজৰ পৰা

হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই

()
তৰে পথাৰত পোৱালী আলি
নাযাবি যমুনা আন্ধাৰত খেদি
পিতাইদেউৰ কামিহাঁড় গজিছে বন
যমুনাৰ বিয়াখন আজিও মন
সাউদৰ পুতেক আহিছিল ৰাতি
লেনো উৰি সজাৰে পক্ষী
সপোনৰ ডিঙৰা পাৰে দিখৌ
পদুলিৰ তামোলত ফুলিছে কপৌ

হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই

()
জমিদাৰ মানুহৰ সকলো লেঠা
নুশুনে-নুবুজে নিচলাৰ বেথা
গোটেইখন গাৱতে ওলাইছে কথা
আঁভজী যমুনাৰ গাতে লেঠা
ঘাটৰে পানীলৈ নামিব জোনাক
নাকান্দি যমুনাক সাবতচোন পোনাক
পোনা পোনা তই ৰাখিবি মান
আয়েৰৰ জুৰাব তবে  পৰাণ

হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই
হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ৰচকী যমুনা ঘাটলৈ যায়

                                                সাগৰ সৌৰভ