Tuesday 27 June 2017

টনা-টনি



টনা-টনি

একো কথাকে নুশুনি
মই মাথোঁ‌ দৌৰিছোঁ‌
চাৰিটাকৈ ঘোঁৰা মোৰ সতে
মোৰ চাৰিওফালে দৌৰি আছে
আৰু প্ৰত্যেকেই মোক নিজৰ গাৰ ফালে টানি আছে

আপেলটোৱে নিউটনক নিজৰ গাৰ ফালে টানি আছিল
আৰু নিউটনে নিজৰ গালৈ

মোৰ চেতনাই
মোক নিজৰ ফালে টানি থাকে
ভাবিও বাদ দিয়া কথাবোৰ
আৰু নভবাকৈ কৰি থকাবোৰে
নিজক নিজৰ ফালে টানি আছে

চেতনাক মই ভাল পাওঁ‌
তায়ো…
আমি ইটোৱে সিটোক নিজৰ ফালে টানি থাকোঁ‌
তেনেকৈয়ে আমি আনন্দ বা বিষাদৰ বেলুন এটাত ওলমি আছোঁ‌
আৰু কৃত্ৰিম উপগ্ৰহ এটাই সেই
খেলটো চাই চাই নিৰবে হাঁ‌হি আছে

বেণুগাঁ‌ঠি থাকোতে
আইনাখনে চেতনাক নিজৰ গালৈ টানি থাকে
চেতনায়ো আইনাখনক নিজৰ কৰি লয়

মানব সভ্যতাৰ পৰিসমাপ্তিৰ তত্ত্ব এটাই
মোক টানি আছে
আৰু খাৰঘূলিৰ নতুন ৰিভাৰভিউ এপাৰ্টমেন্টটোৰ খোলা খিৰিকিখনে

এই টনা-টনি খেলটোত
মই যিমানেই দৌৰিছোঁ‌
একেঠাইতে ৰৈ আছোঁ‌

আপুনি ?

সাগৰ সৌৰভ