Saturday 21 January 2017

কোট




কোট

সিদিনা
কফি একাপৰ সৈতে বেলকনিত বহি থাকোঁতে
হঠাৎ মেচেজটো পালোঁ

ৰেইন ডেন্স
গ্ৰীনলেণ্ড ৰুফটপ
ৰিপৰ্টিঙ টাইম চেভেন পি এম

জিকমিক সন্ধিয়াটোৰ দৰে
কিবা এটা
মনৰ মাজতো

অতসময়ে নজনাৰ ভাও ধৰি
মোৰ কোটটোকে বিচাৰি থাকিলোঁ
বাকী সময়ত মনত নপৰিলেও
পাৰ্টী বুলিলেই প্ৰথম মই কোটটোৰ কথাই ভাবোঁ

পুৰণি আলমাৰিটো
আগৰ ঘৰটোত অকলে বন্দী কৰি ৰাখিলেও
লগত লৈ ফুৰিছোঁ
মোৰ কোটটো

এদিন এই কোট পিন্ধিয়েই
দিকৰাইমুখত চিঞৰি চিঞৰি ভাষণ দিছিলোঁ
-“এই দেশ, এই মাটি আমাৰ অধিকাৰ’’
আৰু প্ৰতাপগড়তো বনুৱাই বনাচ নোপোৱাৰ
 প্ৰতিবাদত আগভাগ লৈছিলোঁ

এতিয়া নতুন এপাৰ্টমেন্টত সময় পালেই
সেই ভাষণবোৰ লুটিয়াই চাওঁ
দুই এখন কিতাপো কৰিছোঁ জানা
এতিয়াও আছে মনত সেই উত্তাপ
উত্তাপ মানেই আন্দোলন
মানে বিপ্লৱ

বিপ্লৱ
গোলমুখীয়া ল’ৰাটো
আমাৰ এপাৰ্টমেন্টলৈ নতুনকৈ আহিছে
কি কৰে মই নাজানোঁ
শ্ৰীমতীয়েহে ক’লে- কিবা হেনো কন্ট্ৰেক কৰে

কন্ট্ৰেকটো ঠিকেই আছেনে
নাই নাই মোৰ দেখোন কোটটো
একেবাৰে পুৰণি হৈ পৰিল
এইটো পিন্ধি আজি পাৰ্টিত-
ওঁহো , হ’বই নোৱাৰে
বেলেগ এটা-
ৰ’বা গাড়ীখন লৈ ওলাই যাওঁ

গাড়ী
চেহ, গাড়ী এখন দেখোন কিনাই হোৱা নাই
কি কৰিলোঁনো তেন্তে ইমান দিনে
প্লেন কৰি নচলাৰ কাৰণেই-
উস! নোৱাৰিছোঁ

ৰ’বা পুৰণি কোটটোকে এবাৰ পিন্ধি চাওঁ
বেলকনিত এখোজ দুখোজ…
চাই লওঁ এবাৰ
গেটৰ মুখত এওঁ কোন?
অ’ বিপ্লৱ
একেবাৰে দেখোন  নোদোকাটো হৈ পৰিছা
হাঁহিছাযে?
কি ক’ব খুজিছা মই বুজিছোঁ
অ’ মই বুজিছোঁ
কিহৰ এই বেঁকা হাঁহি

পেংলাইৰো এটা সীমা আছে দিয়াচোন
তুমি পিন্ধি থকা এই কোটটো
বহু আগেয়ে পিন্ধাৰ সুযোগ এটা পাইছিলোঁ
তেতিয়াই…
জিলিকা ফুল ইমান ভাল নাপাওঁ দেখিয়েই যেনিবা
পিন্ধা ন’হল
বুজিছাতো
তাকে আজি তুমি পৰাজয় বুলি ভাবিছা
আৰু ভাবি লৈছা পাই হেৰুৱাৰ দুখ এটাই
এতিয়াও মোক পিন্ধি আছে

সাগৰ সৌৰভ