Saturday 13 July 2019

একে গাৱৰ মানুহ



ফ্লাইঅ’ভাৰখনৰ আৰম্ভণিতে
দুজন মানুহ
একে গাৱৰ পৰা অহা

সি অহা খোজকেইটা
গোটই গাঁওখনে ভেঙুচালি কৰে
ভাঁজ দেখুৱাই
খিতখিতাই হাঁহে

সিও জানে সেই কথা
ভাবি থাকে সিহঁতৰো
একোটা ভাঁজ

সন্ধিয়া মানুহ দুজন সেইঠাইতে লগ পালে
ইজনে-সিজনৰ ভাঁজ দেখুৱাই
সিঞাঁৰে
দাঁত নিকটাই হাঁহে

ৰাতিলৈ গাড়ী এখনৰ পিছফালে
উঠি যায়
ঘূৰি নাহে

পিছদিনা সন্ধিয়াটো
ফ্লাইঅ’ভাৰখন
বানপানীত ডুবে
উটি যায়

আৰু এজন মানুহে
ওখ বিল্ডিং এটাৰ বাৰন্দাত বহি
চাই থাকে
ভাবি থাকে
একে গাৱৰ মানুহ
সাগৰ সৌৰভ

Saturday 20 October 2018

কবি


ঘটিৰামে কবিতা লিখে । কবিতাই ঘটিৰামক লিখে ।
দুয়োৰে মাজত এক সম্পৰ্ক
পুৰণি ।

বাটিৰামৰ ঘৈণীয়েকে কবিতা ভাল পাই । ভাল পাই কবিতা লিখা মানুহো ।
ভাল কবিতাৰ বাবে দিয়া  বঁ‌টা এটাৰ সৈতে তেওঁ জড়িত
কৰ্মসূত্ৰে ।

ঘটিৰামে ভাল কবিতা লিখে বুলি বহুতে কয় । কিছুমানে সঁ‌চাকে কয়, ন'হলে ভাল লাগিবৰ কাৰণে ।
আৰু কিছুমানে ক'বলৈ একো নাথাকে কাৰণে কয় । অগ্ৰজ দুজনমান কবিয়েও তাৰ কবিতা ভাল বুলি 
সলাগে ।

বাটিৰামৰ ঘৈণীয়েকৰ মতে ঘটিৰামেই শ্ৰেষ্ঠ কবি । তাৰ কবিতাত হেনো লুকাই আছে
পৃথিৱীৰ গোপন সত্য আৰু
প্ৰেম ।

প্ৰেমৰ কাৰণেও ঘটিৰাম বিখ্যাত । তাৰ কবিতা শুনিবলৈকে ফোনকল এটাৰ ব্যৱধানত অপেক্ষাৰত
কোন ?

ৰূপাৰ কাণত বাজি উঠে ঘটিৰামৰ শব্দৰ জুনজুননি
হাঁহিত বাগৰে সময়
আৰু ৰৈ যায় কিছু হতাশাৰ
বিৱৰণত ।

কবিতা সম্পৰ্কীয় কোনো আলোচনাত আজিলৈকে ঘটিৰামৰ নামটোকে নোলায় ।
তাৰ বহু পিছত লিখিবলৈ লোৱা কবিও এতিয়া প্ৰায়
প্ৰতিস্থিত ।

'প্ৰতিস্থিত' শব্দটোত কবি ৰৈ যায় । ইপাৰ-সিপাৰ ভাবি থাকে । হতাশাই আৱৰি ধৰে কবিক ।
আৰু কবিতা নিলিখে বুলিয়েই ভাবি
লয় ।

ভাবি থাকোতেই বাটিৰামৰ ঘৈণীয়েকৰ ফোন আহে । কবিক প্ৰশংসা কৰে।
কবি সঁ‌চাই বঁ‌টা পোৱাৰ যোগ্য । প্ৰাণ পাই উঠে কবি
হঠাৎ ।

হঠাতে আৰম্ভ হোৱা সম্পৰ্ক এটাৰে ৰূপাৰ লগত মিলি গৈছে কবি । আৱেগৰ আৰু এখোজ
পাৰ হৈ নাম থ'লে
মায়াৱী-ৰূপা

মায়াৱী-ৰূপাৰ পৰা অলপ আতৰি আহি
কবিয়ে ভাল পালে
অৰূপাক

অৰূপা
ৰূপাৰ বিপৰীত
কিছু আত্মীয় আৰু
ব্যক্তিগত ।

অৰূপাই যেতিয়া বেছি আদৰ বিচাৰে
কবিতা পাহৰি কবিয়ে বিবেকৰ কথা ভাবে
মুহূৰ্ততে হৈ পৰে বেলেগ এজন
মানুহ ।

ৰূপাৰ সংস্পৰ্শত কবি হৈ পৰে উত্তেজিত
হাতত তুলি লয়
কলম ।


বঁ‌টা বাহন আৰু
ৰূপাৰ কোলাত এদিন কবিৰ মৃত্যু হয়
বাটিৰামৰ ঘৈণীয়েকে কাজল মচে
তাৰ বহু আগতেই অৰূপাক আমি দৃশ্যপটত
নেদেখোঁ


সাগৰ সৌৰভ


Saturday 15 September 2018

ৱেভিঙ


কিমান দূৰত্বত ৰৈ তোমালৈ বুলি
হাতখন মই দাঙি দিলোঁ

সেইবাটেৰে আহি থকা বতাহজাকে
আকৌ ঘূৰি গৈ
কিবা বতৰা এটা লৈ অহাৰ কথা

ক'ৰবালৈ গুচি যামগৈ বুলি
ইয়াতেই মই ৰৈ থাকিলোঁ
ৰৈ থাকিলোঁ
দিন-বাৰ মিলিব মিলিব বুলি
কথাবোৰ কত পাতিলোঁ
ভাঙিলোঁ

উশাহ মোৰ গৈ থাকে
সেই একেই দিশে
ভৰি মোৰ নলৰে

ভৰিয়ে মোৰ শুঙি থাকে
মাটিৰ তলৰ গোন্ধ
আঙুলিবোৰ তললৈ সোমাই যায়

সোমাই গৈয়ে
তোমাক আকৌ বিচাৰি ফুৰে

এবাৰো পিছ নুবুলি
আন্ধাৰৰ বাট এটাৰে তুমি গৈ আছা
আৰু ভাল দিনৰ অপেক্ষাত
মৃত্যুৰ ক্ষণ গণি থকা মানুহবোৰৰ স'তে
একেঠাইতে মই ৰৈ আছোঁ


সাগৰ সৌৰভ

Wednesday 18 July 2018

হোজাল'ৰাৰ পেনপেনীয়া গদ্য


নৰিমন পইণ্টৰ ৰাস্তাটোৰে খচকি যাওঁ‌তে
সাগৰখনৰ সমূখতে
এজনী ধুনীয়া নাৰীক লগ পোৱাটোকে
মই আশা কৰোঁ
ধুনীয়াৰ সংজ্ঞা বিচাৰি
আজি আৰু বিতৰ্ক নকৰোঁ‌
মোৰ উশাহে তেওঁক খেদি ফুৰে
অনুসৰণ কৰে
তেওঁৰ প্ৰতিটো খোজ
কফি খোৱা কাগজত গ্লাছটো
পেলাই দিবলৈ ডাষ্টবিন এটা বিচাৰি ফুৰোতে
হাতখন পাতি দিবলৈ মন যায়
মচি দিবলৈ মন যায়
ওঁ‌ঠত লাগি থকা কফিৰ গোন্ধ

সন্ধিয়া এটা ৰৈ তেওঁলৈ
মই ৰৈ থাকো লিফ্টখনলৈ
টিপি দিবলৈ সপ্তম মহলাৰ চুইচ
একেলগে নামি দিবলৈ
কথা এষাৰিৰ ব্যৱধানত জুখি পেলাবলৈ
শৰীৰৰ সকলো উষ্ণতা

বহুদিন তেওঁক দেখা নাই
খবৰ এটা দিয়া ভাই
লিফ্টমেনটোৰ মাতটো কেনেকুৱা পাই

মানুহজনী ক'ত গ'ল
হেৰাই গ'ল
মানুহ হেৰাই
মানুহ হেৰাই
বহুত মানুহ হেৰাই গ'ল
চিনাকি নোহোৱা হ'ল

লিফ্টমেনটোৰ মাতটো কেনেকুৱা পাই
এদিন বোপা তুমিও হেৰাবা
কাৰোৰে একো খবৰ নাপাবা

Tuesday 24 April 2018

শিলৰ ৰিহা


আকাশত যেতিয়া এটাও তৰা নাথাকে
চাই থাকোঁ তোমাৰ মুখ
ইমান আন্ধাৰতো কি সাৰে থাকে সাৰে
জাঁ‌প নাযায়নে চকু

ৰাস্তাৰ মাজতে ধৰি
খুলি পেলাই বুলি যত আৱৰণ
তুমি ভয় খাই থাকা ভয়
সেই ভয়ে পিন্ধি থাকে আন্ধাৰ এচুক

কবিতা লিখি লিখি
যিমান কাগজ ফালিলোঁ
আনি দিব পাৰিলোঁ‌হেতেন
এখনি শিলৰ ৰিহা
কেনেকৈ খুলিব কোনে
নাপালে দিহা

তেজৰ জোলোঙাবোৰ
দেও দি ফুৰাৰ আগদিনা
আমি একেলগে কৈছিলোঁ
যি বাটে গুচি গৈছে পৃথিৱী
সেই বাটে মোক নিনিবি

পৰুৱাই পালে কি নাপালে
আন্ধাৰত হেৰুৱাই বাট
কিবা এটা ভাল লাগে

ষ্টেলিনৰ চোলা এটা পিন্ধি
কুলাবাৰ ৰাজপথেৰে খচকি যাওঁ‌তে
কোনেনো চিঞঁ‌ৰি মাতিলে
পিছে পিছে আহি থকা মেকুৰীবোৰ
আঁ‌ৰতে লুকালে

চেচুনডকত
ৱালবোৰত সিহঁ‌তে লিখি আছে কিবা
সকলোৱে ভাবি আছে কবিতা
লিখি নেপেলায়
অথবা নোৱাৰেগৈ

সাগৰ সৌৰভ

Friday 20 April 2018

এঘাৰ চনৰ কথা


(নতুন কথা একো নাই)
……

শেৱালিবোৰ সৰি সৰি
পদুলিটো ইমান ধুনীয়া গোন্ধাই
তথাপিও মই ৰৈ থাকোঁ
ফুলবোৰ শুকাই যোৱালৈ
দুপৰীয়াৰ ৰ'দত খৰখৰীয়াকৈ ভাজি খাবলৈ
ভাল

শেৱালিৰ লগত চিনাকি
শৈশৱৰে
এদিন আমি অস্তিত্ববাদৰ কথা পাতি পাতি
নিজক বিচাৰি বাহনিখনলৈ সোমাই
গৈছিলোঁ

গৰু লৰাবলৈ অহা
জহনি যোৱাটোৱে
গোটেই হুৱা-দুৱাখন লগালে
নিউজ চেনেল আহিল
সন্ধিয়ালৈ ৰঙা ৰঙা আখৰেৰে আমি বাতৰিত
ওলালোঁ

নামঘৰত বিচাৰ বহিল
লজিক পঢ়োৱা মাষ্টৰজনে কথা ক'লে
এঘাৰশ এঘাৰ টকা দি মই বাচি গ'লোঁ
শেৱালিৰো আন একো ন'হল
নামটোৰ আগত বহা বিশেষণটোৰ বাদে

মুক্ত চৰাই হোৱাৰ গান এটা
আঙুলিৰে মোৰ বুকুত লিখি লিখি
অনিচ্ছাৰে তাই ওৰণি এখন টানি ল'লে

নিজকে বিচাৰি
ৰ'দে বৰষুণে মই ঢপলিয়াই ফুৰিছোঁ
অস্তিত্বহীনতাৰ সংজ্ঞা এটাৰ সৈতে
এতিয়াও যুঁজি আছে
শেৱালি

ইচ্ছাশক্তি আৰু সংশয়ৰ মাজৰ
সাঁকো এখনত ৰৈ আছে
সময়
অপেক্ষা !

দুখৰ সমভাগী হোৱা
অনুভৱী কবি
কিয়বা মই ন'হলোঁ


সাগৰ সৌৰভ

Saturday 7 April 2018

সংলাপ লিখিব কোনে


আন এদিনাখন
বীণাপাণিৰ মঞ্চত বানত ডুবা মানুহজনে
গৰু পঘা এডালেৰে নিজকে
মূৰৰ পৰা গুৰিলৈ বান্ধি পেলাওতে
শেষবাৰ লগ পাইছিলোঁ
দীপক দাক

ধুলিৰ মাজেৰে
বাচ এখন আহিব আহিব বুলি
ৰৈ আছিলোঁ
দীপক দাই কৈছিল
খোজকাঢ়িয়ে যা
ৰাতিলৈ সিহঁতে শিলঘৰীয়াবোৰ বালিত পুতিব

ঘূৰি আহে দীপক দা
নাটক এখন কৰিব লাগিছিল
নাটক
সংলাপ লিখিব কোনে

নীলিমাহলত বাগি দিয়া নাচটোত
বাৰেপতি মানুহবোৰে বাওঁ‌পাকে ঘূৰিছে
খোলৰ মাতত হেৰাল দীপক দাৰ মাত
সোঁপাকে ঘূৰ
সোঁপাকে

আকৌ আহে দীপক দা
নাটক এখন কৰোঁ আহ
নাটক

বহুদিন মই নাটক চোৱা নাই
নাচি নাচি ভাগৰি পৰা মানুহবোৰ
কিবা এটা ভাল লগা নাই
খোলাকৈও একো ক'ব পৰা নাই

সংলাপ লিখিব কোনে

সাগৰ সৌৰভ