Sunday 29 October 2017

নিউটন

নিউটন


নিউটনে কবিতা লিখে
কবিতাই লিখি থাকে নিউটনক

ৰঙা গাউন এটা পিন্ধি
বাৰন্দাত চিগাৰেট হুপি থাকোঁতে
গছৰ পৰা আপেল নহয়, তামোল এটা সৰি পৰে
তামোলৰ পাকটোতে কিমান জুতি…
শীতলীৰ শীতল দেহত তেওঁ দেখিছে

কিবা এক অভিমানত ক্ৰমশঃ চেঁচা হ'বলৈ ধৰা
চাহকাপলৈ তেওঁ ভেবা লাগি চাই থাকে
ধোঁৱাবোৰ ওপৰলৈ উৰি যোৱাৰ আঘাততে
চাহকাপ নিথৰ হৈ পৰে
আৰু সমবেদনাৰে ধোঁৱাবোৰো ক'ৰবাত লুকাই যাব খোজে

মধ্যাকাৰ্ষণিক বল এটাই
নিউটনক একেৰাহে নিজৰ ভিতৰলৈ টানি থাকিব খুজিলেও
বেলেগ এটা কথাইহে তেওঁৰ মনটোক ধৰি ৰাখে
ৰাতিলৈ চাৰিজন মানুহ আহিব
চাৰিটা বিষয় আলোচনা কৰিব
মদৰ টেবুলত কোনে সুধিব- আজিনিশা বাতৰিত কিমান মানুহ মৰিল…??

একমাত্ৰ জীয়াৰীৰ বাবে
চৰকাৰী চাকৰি এটাৰ কথা ভাবি ভাবি
আগফালৰ বাৰীখন চফা কৰি থাকোতে
ৰাস্তাটোত দ'ম কৰা জাবৰখিনি দেখি
থোপাথোপে ফুলি থকা ফুলবোৰে
তেওঁলৈ পোন্দোৱাকৈ চায়
ফুলি উঠা শেৱালিও হেনো নোগোন্ধাই

 একেসময়েতে বজাৰৰ পৰা উলটি অহা
সৰুকনৰ চাইকেলখন
তেওঁৰ পদুলিৰ নলাত আহি সোমাইহি
ধলং পলং সৰুকনৰ নাচনী খোজকেইটাই
দৰ্যোধনৰ ভাও দিব খোজোতেই
হঠাৎ কাৰেন্ট যায়
অন্ধকাৰ…
আকাশ খহি পৰাৰ দৰে
ভিতৰৰ পৰা ঘৈণীয়েকৰ একেচীয়া ভোৰভোৰণিটো
কাণখনত বাজি উঠাৰ পিছ মুৰ্হূততে
গেলেন এটা হাতত লৈ মহাজনৰ দোকানৰ ফালে তেওঁ লৰ মাৰে

সন্ধিয়াটোৰ সুযোগ লৈ
চাৰিআলিৰ ল'ৰাবোৰে
নিৰঞ্জন মাষ্টৰক নিউটন বুলি জোকায়…


সাগৰ সৌৰভ