Wednesday 23 August 2017

আন এদিনৰ কথা


এদিন সেমেকা বতৰত
মই তাইক কৈছিলোঁ
নিসংগতাৰ তিতা-মিঠা সোৱাদ এটা
মোৰ বুকুজুৰি বৈ আছে
আৰু কিবা এক হীনমান্যতাই মোক আবৰি ধৰিছে
তাই কৈছিল - বতৰৰ লগত মনৰো এক সম্পৰ্ক আছে

এদিন
বতৰটো গুমগুমাই থাকোতে
তাইক মই কৈছিলোঁ
কিবা এক অনিশ্চয়তাত মই ডুবি আছোঁ
দোদুল্যমান অৱস্থানত ৰৈ মনটোও
সোঁৱে - বাঁৱে সমানে দুলিছে
তাই কৈছিল - বতৰৰ লগত মনটোৰো এক সম্পৰ্ক থাকে

আন এদিন
দোপালপিটা বৰষুণত আমি তিতিছিলোঁ
হেঁপাহ নপলোৱা হাঁহি এটাৰে
মই কৈছিলোঁ - কিবা এক হেৰুৱাৰ ভয়ে মোক খেদি ফুৰিছে
তাই কৈছিল - তেনে এক ভয় তাইৰো হৈছে
কিজানি এই বৰষুণৰ এই টোপালবোৰৰ মাজেৰেই
হেৰাই যোৱাৰ আন এটি বাট !

বতাহজাক জোৰেৰে বলিবলৈ ধৰোতেই
আমি দুয়ো একেটা কথাকে ভাবি আছিলোঁ
সকলোৰে একোটা গতি থাকে
ধৰি ৰখা বা এৰি দিয়াটো
মাথোঁ নিজস্বতা  !!

সাগৰ সৌৰভ