Thursday 14 December 2017

জলকুঁৱৰী


নিজকে খান্দি-খুচি শেষ হ'বলৈ দিয়া
লঠঙা পাহাৰটোৱে আমাক কৈছিল –
ইয়াত এখন নদী আছিল

সেইনদীতে
যৌৱনৰ এডিঙি পানী নাদুৰি অহা বাইজনী
এদিন জলকুঁ‌ৱৰী হ'ল

বলিয়া বানত থৰক-বৰক
তাইৰ  জীৱটো যেনিবা বাচিল

ফাগুনৰ ৰঙচুৱা ফুলবোৰে
আপোনাকো পাহৰাই নেপেলাই জানো
সমস্ত দুখ
ননচাকৈ থাকে জানো এপাক
ৰাসৰ ৰাতি...

নিৰ্বাচনী বতাহত জলকুঁৱৰী ক'তযে হেৰাল
কোনেও ভূ-টোকে নেপালে
আমিও দলঙা পাতি ৰৈ থাকিলোঁ

সেই দুখতে নদীখন আৰু দুনাই ব'ব নুখুজিলে
উৰি অহা বালিয়ে আহি এদিন গোটেইখন পুতিলেহি

সেইকথা নতুনকৈ বহা কাৰখানাটোৱে নাজানে
নাজানে জলকুঁৱৰীৰ কথাও
সেইখিনিতে ফটা শিল এটাত আউজি
ৰজাঘৰীয়া মানুহ এজনে সিদিনা চিঞৰি উঠিল-
জলকুঁৱৰী হেনো এতিয়া কাৰখানাৰ ধোৱা হৈ উৰিছে
আমি সকলোৱে বোলে পূজা কৰিব লাগে

কথাটোৱে দেশখন জোকাৰি গ'ল
কাৰনো কি ক্ষতিটো হ'ল
খেনোৱে পূজাত বহিলে
আৰু আমি জলকুঁৱৰীক মনত পেলাই
এখন্তেক চকুলো টুকিলো

সাগৰ সৌৰভ



























Sunday 29 October 2017

নিউটন

নিউটন


নিউটনে কবিতা লিখে
কবিতাই লিখি থাকে নিউটনক

ৰঙা গাউন এটা পিন্ধি
বাৰন্দাত চিগাৰেট হুপি থাকোঁতে
গছৰ পৰা আপেল নহয়, তামোল এটা সৰি পৰে
তামোলৰ পাকটোতে কিমান জুতি…
শীতলীৰ শীতল দেহত তেওঁ দেখিছে

কিবা এক অভিমানত ক্ৰমশঃ চেঁচা হ'বলৈ ধৰা
চাহকাপলৈ তেওঁ ভেবা লাগি চাই থাকে
ধোঁৱাবোৰ ওপৰলৈ উৰি যোৱাৰ আঘাততে
চাহকাপ নিথৰ হৈ পৰে
আৰু সমবেদনাৰে ধোঁৱাবোৰো ক'ৰবাত লুকাই যাব খোজে

মধ্যাকাৰ্ষণিক বল এটাই
নিউটনক একেৰাহে নিজৰ ভিতৰলৈ টানি থাকিব খুজিলেও
বেলেগ এটা কথাইহে তেওঁৰ মনটোক ধৰি ৰাখে
ৰাতিলৈ চাৰিজন মানুহ আহিব
চাৰিটা বিষয় আলোচনা কৰিব
মদৰ টেবুলত কোনে সুধিব- আজিনিশা বাতৰিত কিমান মানুহ মৰিল…??

একমাত্ৰ জীয়াৰীৰ বাবে
চৰকাৰী চাকৰি এটাৰ কথা ভাবি ভাবি
আগফালৰ বাৰীখন চফা কৰি থাকোতে
ৰাস্তাটোত দ'ম কৰা জাবৰখিনি দেখি
থোপাথোপে ফুলি থকা ফুলবোৰে
তেওঁলৈ পোন্দোৱাকৈ চায়
ফুলি উঠা শেৱালিও হেনো নোগোন্ধাই

 একেসময়েতে বজাৰৰ পৰা উলটি অহা
সৰুকনৰ চাইকেলখন
তেওঁৰ পদুলিৰ নলাত আহি সোমাইহি
ধলং পলং সৰুকনৰ নাচনী খোজকেইটাই
দৰ্যোধনৰ ভাও দিব খোজোতেই
হঠাৎ কাৰেন্ট যায়
অন্ধকাৰ…
আকাশ খহি পৰাৰ দৰে
ভিতৰৰ পৰা ঘৈণীয়েকৰ একেচীয়া ভোৰভোৰণিটো
কাণখনত বাজি উঠাৰ পিছ মুৰ্হূততে
গেলেন এটা হাতত লৈ মহাজনৰ দোকানৰ ফালে তেওঁ লৰ মাৰে

সন্ধিয়াটোৰ সুযোগ লৈ
চাৰিআলিৰ ল'ৰাবোৰে
নিৰঞ্জন মাষ্টৰক নিউটন বুলি জোকায়…


সাগৰ সৌৰভ

Wednesday 23 August 2017

আন এদিনৰ কথা


এদিন সেমেকা বতৰত
মই তাইক কৈছিলোঁ
নিসংগতাৰ তিতা-মিঠা সোৱাদ এটা
মোৰ বুকুজুৰি বৈ আছে
আৰু কিবা এক হীনমান্যতাই মোক আবৰি ধৰিছে
তাই কৈছিল - বতৰৰ লগত মনৰো এক সম্পৰ্ক আছে

এদিন
বতৰটো গুমগুমাই থাকোতে
তাইক মই কৈছিলোঁ
কিবা এক অনিশ্চয়তাত মই ডুবি আছোঁ
দোদুল্যমান অৱস্থানত ৰৈ মনটোও
সোঁৱে - বাঁৱে সমানে দুলিছে
তাই কৈছিল - বতৰৰ লগত মনটোৰো এক সম্পৰ্ক থাকে

আন এদিন
দোপালপিটা বৰষুণত আমি তিতিছিলোঁ
হেঁপাহ নপলোৱা হাঁহি এটাৰে
মই কৈছিলোঁ - কিবা এক হেৰুৱাৰ ভয়ে মোক খেদি ফুৰিছে
তাই কৈছিল - তেনে এক ভয় তাইৰো হৈছে
কিজানি এই বৰষুণৰ এই টোপালবোৰৰ মাজেৰেই
হেৰাই যোৱাৰ আন এটি বাট !

বতাহজাক জোৰেৰে বলিবলৈ ধৰোতেই
আমি দুয়ো একেটা কথাকে ভাবি আছিলোঁ
সকলোৰে একোটা গতি থাকে
ধৰি ৰখা বা এৰি দিয়াটো
মাথোঁ নিজস্বতা  !!

সাগৰ সৌৰভ

Tuesday 4 July 2017

বিন্দু



বিন্দু

আদিগন্ত নীলাভ সাগৰখনৰ
প্ৰতিটো ঢৌয়ে যেতিয়া কৈ যায়
কথাবোৰৰ কোনো শেষ নাই
অথবা নাছিল কোনো আৰম্ভণি

সকলো সুখ-দুখ সামৰি লোৱা
বৃত্তটোৰ প্ৰতিটো বিন্দুতে এপাক মাৰি
মই মধ্যবিন্দুত ৰওঁ‌হি

বিন্দুক মই বহু আগৰে পৰা জানোঁ
ইস্কুলীয়া দিনৰ পৰাই
চোতালৰ পৰা তৰাবোৰ গণি গণি
মনেৰে ঢুকি নোপোৱা দূৰত্বৰ
কোনোবা এজন প্ৰেমিকে
তাইলৈ চাই থাকোতে
তেৱোঁ এক বিন্দু হৈ পৰিছে

এই মহাজাগতিক খেলখনৰ
আমি সকলোৱেই মাথোঁ এটি বিন্দু বুলি মানি ল'ব খোজোতেই
দেচুৱালী মহগুৱাল এটাৰ সৈতে
এদিন বাপেকে তাইক পঠাই দিছিল
দক্ষিণ পাৰলৈ…

দক্ষিণপাৰৰ
যি ফালে নদীখনে অন্য এক ৰূপ লৈছেহি
সেই পৃথিৱীখনো বেলেগ
মদৰ নিচাত বেলিটো ডুব যাব খোজোতেই
কিছুমান চৰ ভুকু কিল অনায়াসে উফৰি আহি
তাইৰ আয়তন দুগুণ কৰি তোলে
আৰু কিবা এটাৰ ভৰত শৰীৰটো নিথৰ হৈ পৰে

হাত-ভৰি বান্ধি থোৱা ৰাতিটোৱে যেনিবা
নিৰবে সকলো সহি টোপনিত পৰে

ওকণি চোৱা মেলত কথাবোৰ  কৈ কৈ
বিন্দুৱে কিৰিলি পাৰি হাঁহে

সুৰুঙা পালেই
সেই হাঁহিটোৱে হাবিখনৰ মাজলৈ সোমাই গৈ
পৰ্যটক এজনকো সাঙুৰি ল'ব খোজে

আদিতে বিন্দুৱে চিনি পাইছিল তেওঁক
কবিতা লিখিছিল
আৰু এই পৃথিৱীৰো বহুদূৰত্বৰ আন এখন পৃথিৱীৰ কথাবোৰে তেওঁক বিভ্ৰান্ত কৰি তুলিছিল
এতিয়া বোলে কিবা এনজিঅ' এটাৰ হৈ সামাজিক কামত ব্যস্ত…

'এনজিঅ' আৰু 'সামাজিক'
শব্দ দুটাই বিন্দুক মুহূৰ্ততে উৎসাহিত কৰি তোলে

এবুকু পানীত নামি
নুশুকুৱা ঘাঁ‌বোৰত আঙুলিৰ বুলাই থাকোতে
দীঘল উশাহ এটাৰ সৈতে তাইৰ ভাবনাই
কোনোবাখিনি পায়

আই ঐ দেহি
পিচলাৰ পানী আজি কোন বাটে যায়

সাগৰ সৌৰভ

Tuesday 27 June 2017

টনা-টনি



টনা-টনি

একো কথাকে নুশুনি
মই মাথোঁ‌ দৌৰিছোঁ‌
চাৰিটাকৈ ঘোঁৰা মোৰ সতে
মোৰ চাৰিওফালে দৌৰি আছে
আৰু প্ৰত্যেকেই মোক নিজৰ গাৰ ফালে টানি আছে

আপেলটোৱে নিউটনক নিজৰ গাৰ ফালে টানি আছিল
আৰু নিউটনে নিজৰ গালৈ

মোৰ চেতনাই
মোক নিজৰ ফালে টানি থাকে
ভাবিও বাদ দিয়া কথাবোৰ
আৰু নভবাকৈ কৰি থকাবোৰে
নিজক নিজৰ ফালে টানি আছে

চেতনাক মই ভাল পাওঁ‌
তায়ো…
আমি ইটোৱে সিটোক নিজৰ ফালে টানি থাকোঁ‌
তেনেকৈয়ে আমি আনন্দ বা বিষাদৰ বেলুন এটাত ওলমি আছোঁ‌
আৰু কৃত্ৰিম উপগ্ৰহ এটাই সেই
খেলটো চাই চাই নিৰবে হাঁ‌হি আছে

বেণুগাঁ‌ঠি থাকোতে
আইনাখনে চেতনাক নিজৰ গালৈ টানি থাকে
চেতনায়ো আইনাখনক নিজৰ কৰি লয়

মানব সভ্যতাৰ পৰিসমাপ্তিৰ তত্ত্ব এটাই
মোক টানি আছে
আৰু খাৰঘূলিৰ নতুন ৰিভাৰভিউ এপাৰ্টমেন্টটোৰ খোলা খিৰিকিখনে

এই টনা-টনি খেলটোত
মই যিমানেই দৌৰিছোঁ‌
একেঠাইতে ৰৈ আছোঁ‌

আপুনি ?

সাগৰ সৌৰভ

Friday 3 March 2017

বালিচাঙত জন লেনন



যি বাটেৰে সি গুচি গ'ল
কোনেও ভূ-টোকে নাপালে

'এচকেপিষ্ট' ধাৰণা এটাতে
বাক-বিতৰ্কখন চলি থাকোতেই
ৰাতিৰ ৰেলত আমি বিশ্বনাথ পালোহি

মাদলৰৰ মাতটোৰ মাজে মাজে
দূৰৈৰ গাঁ‌ওখনিৰ পৰা
ভাঁ‌হি আহিছে
ঝুমুৰৰ কৰুণ সুৰ

চিমকাৰ্ড এখনত আঁ‌উজি থকা বেপাৰীজনে
হোৰ্ডিং এখনৰ পৰা নামি আহি
শ্লিপছত ফিল্ডিং কৰিছে
বলিং কৰিছে গেৰুৱা বিপছ পিন্ধা টীমটোৱে
দুৰ্দান্ত লাইন আৰু লেঙ্গথ্
আমাৰ বেচমেন সকলক একেবাৰে 'নিৰক্ষৰ' বুলি প্ৰতিপন্নিত কৰিবলৈ
মাথোঁ‌ এটাহে চেচন বাকী
অদ্ভুত বডি লেঙ্গুৱেজ
কমেন্ট্ৰী বক্সত কোনোবা এজনে 'সহনশীলতা'ৰ কথা কৈছে
আৰু অলপ সময়তে তেওঁকো হয়তো 'বেন' কৰি দিয়া হ'ব

ইমানখিনি উত্তেজনাৰ মাজেৰে
আমি বালিচাঙত কটালোহি
অপেক্ষাৰ এদিন

মহালক্ষী বাগানৰ পৰা
চিধা-চিধি পোনাই দিলেই
নৈ এখন গচকি
পাহাৰটোলৈ বাট

সেই বাটেদিয়েই ল'ৰাকেইটা গুছি গৈছে
উভতি অহা নাই
আজিও
মাথোঁ‌ নদীত ওপঙি আহে
দুই-এক মৃতদেহ
অচিনাক্ত…

আদহীয়া মহিলাজনীয়ে সুৰাৰ ৰাগিতে নাচিছে
পাহৰি যাব খুজিছে
মুহূৰ্তৰ বাবে
চিফুং বজোৱা তাইৰ চেঙৰাটোক
মেঠনিৰ পাকটোতে বান্ধি থৈছে
সেই একেই উত্তাপ
আৰু অপেক্ষা

এই বাটেদি নিতৌ আহে
পুলিচ-মিলিটেৰিৰ গাড়ী
অহা নাই পিছে আজিলৈকে
বিজুলি আৰু খোৱাপানীৰ নল
আৰু শিক্ষা বিভাগৰ এযুৰি চকু

আন্ধাৰ হোৱাৰ আগেয়েই
সেইবাটতে গীটাৰ এখন লৈ
চুলি দীঘল গায়কজনক আমি
'জন লেনন' বুলি চিনাক্ত কৰিলোঁ
- ইমাজিন… অল দ্যা পিপ'ল লিভিং লাইফ ইন পিচ
গান আৰু গীটাৰৰ ঝংকাৰত বাজি উঠিছে
গোটেই পাহাৰ
বালিচাঙ ৰিজিংজাং
ইয়েচ !
ইউ মে চেয় …আই এম এ ড্ৰিমাৰ

সাগৰ সৌৰভ

Saturday 21 January 2017

কোট




কোট

সিদিনা
কফি একাপৰ সৈতে বেলকনিত বহি থাকোঁতে
হঠাৎ মেচেজটো পালোঁ

ৰেইন ডেন্স
গ্ৰীনলেণ্ড ৰুফটপ
ৰিপৰ্টিঙ টাইম চেভেন পি এম

জিকমিক সন্ধিয়াটোৰ দৰে
কিবা এটা
মনৰ মাজতো

অতসময়ে নজনাৰ ভাও ধৰি
মোৰ কোটটোকে বিচাৰি থাকিলোঁ
বাকী সময়ত মনত নপৰিলেও
পাৰ্টী বুলিলেই প্ৰথম মই কোটটোৰ কথাই ভাবোঁ

পুৰণি আলমাৰিটো
আগৰ ঘৰটোত অকলে বন্দী কৰি ৰাখিলেও
লগত লৈ ফুৰিছোঁ
মোৰ কোটটো

এদিন এই কোট পিন্ধিয়েই
দিকৰাইমুখত চিঞৰি চিঞৰি ভাষণ দিছিলোঁ
-“এই দেশ, এই মাটি আমাৰ অধিকাৰ’’
আৰু প্ৰতাপগড়তো বনুৱাই বনাচ নোপোৱাৰ
 প্ৰতিবাদত আগভাগ লৈছিলোঁ

এতিয়া নতুন এপাৰ্টমেন্টত সময় পালেই
সেই ভাষণবোৰ লুটিয়াই চাওঁ
দুই এখন কিতাপো কৰিছোঁ জানা
এতিয়াও আছে মনত সেই উত্তাপ
উত্তাপ মানেই আন্দোলন
মানে বিপ্লৱ

বিপ্লৱ
গোলমুখীয়া ল’ৰাটো
আমাৰ এপাৰ্টমেন্টলৈ নতুনকৈ আহিছে
কি কৰে মই নাজানোঁ
শ্ৰীমতীয়েহে ক’লে- কিবা হেনো কন্ট্ৰেক কৰে

কন্ট্ৰেকটো ঠিকেই আছেনে
নাই নাই মোৰ দেখোন কোটটো
একেবাৰে পুৰণি হৈ পৰিল
এইটো পিন্ধি আজি পাৰ্টিত-
ওঁহো , হ’বই নোৱাৰে
বেলেগ এটা-
ৰ’বা গাড়ীখন লৈ ওলাই যাওঁ

গাড়ী
চেহ, গাড়ী এখন দেখোন কিনাই হোৱা নাই
কি কৰিলোঁনো তেন্তে ইমান দিনে
প্লেন কৰি নচলাৰ কাৰণেই-
উস! নোৱাৰিছোঁ

ৰ’বা পুৰণি কোটটোকে এবাৰ পিন্ধি চাওঁ
বেলকনিত এখোজ দুখোজ…
চাই লওঁ এবাৰ
গেটৰ মুখত এওঁ কোন?
অ’ বিপ্লৱ
একেবাৰে দেখোন  নোদোকাটো হৈ পৰিছা
হাঁহিছাযে?
কি ক’ব খুজিছা মই বুজিছোঁ
অ’ মই বুজিছোঁ
কিহৰ এই বেঁকা হাঁহি

পেংলাইৰো এটা সীমা আছে দিয়াচোন
তুমি পিন্ধি থকা এই কোটটো
বহু আগেয়ে পিন্ধাৰ সুযোগ এটা পাইছিলোঁ
তেতিয়াই…
জিলিকা ফুল ইমান ভাল নাপাওঁ দেখিয়েই যেনিবা
পিন্ধা ন’হল
বুজিছাতো
তাকে আজি তুমি পৰাজয় বুলি ভাবিছা
আৰু ভাবি লৈছা পাই হেৰুৱাৰ দুখ এটাই
এতিয়াও মোক পিন্ধি আছে

সাগৰ সৌৰভ