Friday, 14 February 2014

নৈ আৰু ৰাৰ কাহিনী

নৈখনে পাৰত এৰিথৈ যোৱা শিলটোৰ মতে
ৰাটো ঢুকুৱা আজি বহুদিনেই
ল            

তাৰ আঙুলীকেইটা এতিয়াও
ট্ৰিগাৰত লাগি
আছে

কালৰো কাল বিপৰীত কাল
বুলি গালৈ চতিয়াই দিয়া
সৰিয়হ চাটি উফৰি ৰবাত
পৰিলগৈ

পদশব্দত হেৰাই
অতীজ যেন নিচুকনি সন্ধিয়াৰ
বোল

এথেও-বেথেওকৈ ট্ৰিগাৰটোৱে
মোৰ আঙুলীবোৰ পিন্ধি
লে

বুকুত পিন্ধিবলৈ এতিয়াও
সংকোচৰ আন্ধাৰ
সুৰংগ

এলা-পেচাই কথা
পৰিধান কৰাটো
নগ্নতা

ৰাটোৰ হাড়ত বনবোৰ জোপোহা
মৰাতেজৰ চেঁকুৰাবোৰে
মোক পিন্ধি আছে
সংগোপনে
নিৰ্বিৰোধে
প্ৰতিদিন...
সাগৰ সৌৰভ

No comments:

Post a Comment