ঘটিৰামে কবিতা লিখে । কবিতাই ঘটিৰামক লিখে ।
দুয়োৰে মাজত এক সম্পৰ্ক
পুৰণি ।
বাটিৰামৰ ঘৈণীয়েকে কবিতা ভাল পাই । ভাল পাই কবিতা লিখা মানুহো ।
ভাল কবিতাৰ বাবে দিয়া বঁটা এটাৰ সৈতে তেওঁ জড়িত
কৰ্মসূত্ৰে ।
ঘটিৰামে ভাল কবিতা লিখে বুলি বহুতে কয় । কিছুমানে সঁচাকে কয়, ন'হলে ভাল লাগিবৰ কাৰণে ।
আৰু কিছুমানে ক'বলৈ একো নাথাকে কাৰণে কয় । অগ্ৰজ দুজনমান কবিয়েও তাৰ কবিতা ভাল বুলি
সলাগে ।
বাটিৰামৰ ঘৈণীয়েকৰ মতে ঘটিৰামেই শ্ৰেষ্ঠ কবি । তাৰ কবিতাত হেনো লুকাই আছে
পৃথিৱীৰ গোপন সত্য আৰু
প্ৰেম ।
প্ৰেমৰ কাৰণেও ঘটিৰাম বিখ্যাত । তাৰ কবিতা শুনিবলৈকে ফোনকল এটাৰ ব্যৱধানত অপেক্ষাৰত
কোন ?
ৰূপাৰ কাণত বাজি উঠে ঘটিৰামৰ শব্দৰ জুনজুননি
হাঁহিত বাগৰে সময়
আৰু ৰৈ যায় কিছু হতাশাৰ
বিৱৰণত ।
কবিতা সম্পৰ্কীয় কোনো আলোচনাত আজিলৈকে ঘটিৰামৰ নামটোকে নোলায় ।
তাৰ বহু পিছত লিখিবলৈ লোৱা কবিও এতিয়া প্ৰায়
প্ৰতিস্থিত ।
'প্ৰতিস্থিত' শব্দটোত কবি ৰৈ যায় । ইপাৰ-সিপাৰ ভাবি থাকে । হতাশাই আৱৰি ধৰে কবিক ।
আৰু কবিতা নিলিখে বুলিয়েই ভাবি
লয় ।
ভাবি থাকোতেই বাটিৰামৰ ঘৈণীয়েকৰ ফোন আহে । কবিক প্ৰশংসা কৰে।
কবি সঁচাই বঁটা পোৱাৰ যোগ্য । প্ৰাণ পাই উঠে কবি
হঠাৎ ।
হঠাতে আৰম্ভ হোৱা সম্পৰ্ক এটাৰে ৰূপাৰ লগত মিলি গৈছে কবি । আৱেগৰ আৰু এখোজ
পাৰ হৈ নাম থ'লে
মায়াৱী-ৰূপা
মায়াৱী-ৰূপাৰ পৰা অলপ আতৰি আহি
কবিয়ে ভাল পালে
অৰূপাক
অৰূপা
ৰূপাৰ বিপৰীত
কিছু আত্মীয় আৰু
ব্যক্তিগত ।
অৰূপাই যেতিয়া বেছি আদৰ বিচাৰে
কবিতা পাহৰি কবিয়ে বিবেকৰ কথা ভাবে
মুহূৰ্ততে হৈ পৰে বেলেগ এজন
মানুহ ।
ৰূপাৰ সংস্পৰ্শত কবি হৈ পৰে উত্তেজিত
হাতত তুলি লয়
কলম ।
বঁটা বাহন আৰু
ৰূপাৰ কোলাত এদিন কবিৰ মৃত্যু হয়
বাটিৰামৰ ঘৈণীয়েকে কাজল মচে
তাৰ বহু আগতেই অৰূপাক আমি দৃশ্যপটত
নেদেখোঁ
সাগৰ সৌৰভ