Thursday 5 April 2018

তেজপিয়া

কেতিয়াবা ভাবো
আকাশখন এতিয়াই খহি পৰক
আৰু ওখ ওখ অট্টালিকাবোৰ চূৰমাৰ হৈ যাওক

মোৰ মূৰৰ ওপৰত এখন সাগৰ আছে
জলপৃষ্ঠত খচকি আছে
সভ্যতা

ঢৌ খেলি যোৱা পানীয়ে
দি যায় অতীতৰ আৱৰ্জনা
সেয়া মোক নালাগে

তোমাৰ বুকুৰ এনিশাত
মোক জিৰাবলৈ দিয়া
শুনিবলৈ দিয়া কাণপাতি
অশান্ত লহৰ

ভয় ?
মোলৈ যদি ভয় কৰিছা
ময়েই দূৰ্ভগীয়া
জকাটোৰ ভিতৰত চলি থকা যুঁ‌জখন
তোমাৰ বাবে নহয়

এই মৌনতাক অহংকাৰ বুলি নাভাবিবা
মৌনতাও এক আচৰণ
ভালপোৱাৰ…

লাজত উতলি উঠিলে
গোলাপী গাল
চেকি চাব মন যায় তোমাৰ এটোপাল
তেজ

ভোক আৰু লোভৰ
ময়েই মানুহ
আন জীৱ বুলিও নাভাবিবা

সাগৰ সৌৰভ

No comments:

Post a Comment