Wednesday 13 April 2016

ধেংকুলুচ

ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই
                                   
()
নাহিলে ঘুমটি ৰাতিটো আই
সাউদৰ পুতেকচোন নাহিল দুনাই
ডিঙৰা মেলিলে যমুনাক চাই
উজাগৰ ৰাতিয়ে কলিজা খাই
কতেনো আছেগৈ মাউৰত মৰা
সকলো আহিলচোন বাণিজৰ পৰা

হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই

()
তৰে পথাৰত পোৱালী আলি
নাযাবি যমুনা আন্ধাৰত খেদি
পিতাইদেউৰ কামিহাঁড় গজিছে বন
যমুনাৰ বিয়াখন আজিও মন
সাউদৰ পুতেক আহিছিল ৰাতি
লেনো উৰি সজাৰে পক্ষী
সপোনৰ ডিঙৰা পাৰে দিখৌ
পদুলিৰ তামোলত ফুলিছে কপৌ

হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই

()
জমিদাৰ মানুহৰ সকলো লেঠা
নুশুনে-নুবুজে নিচলাৰ বেথা
গোটেইখন গাৱতে ওলাইছে কথা
আঁভজী যমুনাৰ গাতে লেঠা
ঘাটৰে পানীলৈ নামিব জোনাক
নাকান্দি যমুনাক সাবতচোন পোনাক
পোনা পোনা তই ৰাখিবি মান
আয়েৰৰ জুৰাব তবে  পৰাণ

হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ইমানযে ৰচকী যমুনা বাই
হেই..ধেংকুলুচ ধেংকুলুচ ঢেকী কোবাই
ৰচকী যমুনা ঘাটলৈ যায়

                                                সাগৰ সৌৰভ

No comments:

Post a Comment