এঢোক-দুঢোক
ঢোকা-ঢোকে
গিলি
ফুট-গধূলিতে
সি ক’লেনো যায়
পূৰ্ণিমাৰ
কামিহাঁড় কিমান ঠুনুকা
দুহাতেৰে
জুখি জুখি চায়
মৰাশৰ
দৰে মাত এটাই
বাৰে
বাৰে সকীয়ায়
তিৰিৰ
বিয়ন
মুনিহৰ
ৰণ
কোনেনো
ভাবি চায়
কাঠৰ
টিকা পাৰ হ’লেই
ৰঘুমলাক
পায়
আই-ঐ
দেহি-ঐ বুলি
আউলী-বাউলী
জনী হৈ
গাতে
জঁপিয়ায়
চন্দ্ৰ-পূৰ্ণিমাৰ
ৰাহি নাহে
গোট
গাঁৱে গায়
কাউৰী
ৰাখি ভাত খাই
ৰাতি
ৰাতি টোকাৰী বজায়
ৰঘুমলা ঐ ৰঘুমলা
আবৰি ধৰিলি মোক ৰঘুমলা
পূৰ্ণিমাৰ ৰাতি মোক অকলে এৰি দে
নিথৰ শৰীৰটো বতাহত মেলি দে
সাগৰ
সৌৰভ
No comments:
Post a Comment