Thursday 14 December 2017

জলকুঁৱৰী


নিজকে খান্দি-খুচি শেষ হ'বলৈ দিয়া
লঠঙা পাহাৰটোৱে আমাক কৈছিল –
ইয়াত এখন নদী আছিল

সেইনদীতে
যৌৱনৰ এডিঙি পানী নাদুৰি অহা বাইজনী
এদিন জলকুঁ‌ৱৰী হ'ল

বলিয়া বানত থৰক-বৰক
তাইৰ  জীৱটো যেনিবা বাচিল

ফাগুনৰ ৰঙচুৱা ফুলবোৰে
আপোনাকো পাহৰাই নেপেলাই জানো
সমস্ত দুখ
ননচাকৈ থাকে জানো এপাক
ৰাসৰ ৰাতি...

নিৰ্বাচনী বতাহত জলকুঁৱৰী ক'তযে হেৰাল
কোনেও ভূ-টোকে নেপালে
আমিও দলঙা পাতি ৰৈ থাকিলোঁ

সেই দুখতে নদীখন আৰু দুনাই ব'ব নুখুজিলে
উৰি অহা বালিয়ে আহি এদিন গোটেইখন পুতিলেহি

সেইকথা নতুনকৈ বহা কাৰখানাটোৱে নাজানে
নাজানে জলকুঁৱৰীৰ কথাও
সেইখিনিতে ফটা শিল এটাত আউজি
ৰজাঘৰীয়া মানুহ এজনে সিদিনা চিঞৰি উঠিল-
জলকুঁৱৰী হেনো এতিয়া কাৰখানাৰ ধোৱা হৈ উৰিছে
আমি সকলোৱে বোলে পূজা কৰিব লাগে

কথাটোৱে দেশখন জোকাৰি গ'ল
কাৰনো কি ক্ষতিটো হ'ল
খেনোৱে পূজাত বহিলে
আৰু আমি জলকুঁৱৰীক মনত পেলাই
এখন্তেক চকুলো টুকিলো

সাগৰ সৌৰভ



























No comments:

Post a Comment