Sunday 23 March 2014

অভিনয়

অভিনয়




















হেজাৰ বিজাৰ চকুত ধুলি মাৰি
সাউতকৈ ওলাই যাব পৰাকৈ
এক অনুশীলন কৰিছোঁ

অভিনয়েই মোৰ পুৰাতন
পৰিচয়

নিজকে বধ কৰি কিমান ওপৰলৈ
উঠি যাওঁ
এতিয়া কিমান তলত

সিমান ওপৰলৈকে আপুনিও উঠিবলৈ
পাৰিছেনে

কিমান ঢৌৱে চুই যায়
সপোনৰ উদং শৰীৰ
ৰূপালীম শ্যামলিমা শেষ হাঁহি
কাৰ সুহুৰিয়ে শুৱাই যায়
কাৰ উচুপনিত সাৰ পায়

সকলো ভাৱনা
যত কামনা
বন্ধ কোঠা
প্ৰলাপ-সংলাপ

নিগৰি বৈ যায়
ৰৈ যায়
ওঁঠৰ ফাঁকে
শেষ কথা

সাগৰ সৌৰভ

Tuesday 11 March 2014

বুৰঞ্জী


বুৰঞ্জী














খোলাকটি তাল বাই
গজপুৰীয়া গীত গাই
সেই নদীয়েদি নামি আহিছে
সূৰ্য

সূৰ্যৰ নিচাদেৱেকে
ভেটিছিল হেনো বজ্ৰ
গাঁওখনৰে গৰ্ব

কলিজাৰ একামোৰ খাই
লেহেমিয়াই লেহেমিয়াই
চাপৰিটোৰ শেষলৈ নৈখনে যি ৰূপ ধৰিলে
আগামী দিনবোৰৰ কালিমা গণিলে

নিচাদেউ মৰিল বানত
সূৰ্য পৰিল পাঙত

টিলিঙা বজোৱা মানুহবোৰে
গোপনে গোপনে হাস্যৰস মজিলে

আৰু আমিবোৰে ফালিলোঁ
বুৰঞ্জী

সাগৰ সৌৰভ

Wednesday 5 March 2014

কবিতা

কবিতা









(কবি অজিত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰে)

জীৱনানন্দ গুছি যোৱা ট্ৰামখন
মোৰ তেজেৰে নামি গৈ
এতিয়াও আধাবাটত দিশহাৰা
অজিত বোলাজনো হেনো ৰৈ আছিল
আমাৰ গাৱৰ বাটত কুঁৱলী

চৌদিশে পানী পৰাৰ শব্দ
কি পালি খেলখনৰ অৰ্থ

দদাই
শুকান জেওৰাৰে কিমান বেৰিবি
আবেগ-উদ্দীপন মনৰ পথাৰ

জীৱনৰ পোখা মেলি
ফুলি উঠে সংগোপনে
ৰাতিৰ নদী

কৈ পেলালি সকলোখিনি
মৌনতা ঢালি ঢালি

জকমকাই উঠে নাৱৰ পানী
জোনলৈ হেনো হাত মেলি

খৰম-ধৰমকৈ লৈনো ওলালি
নাহিলেচোন আজিও কোনো উভটি
সেইবাটে নাযাবি নাযাবি

দোকমোকালিতে শলিতা জ্বলাই
সাৰ পাই থাকিবি

সাগৰ সৌৰভ