কবিতা
(কবি অজিত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰে)
জীৱনানন্দ গুছি যোৱা ট্ৰামখন
মোৰ তেজেৰে নামি গৈ
এতিয়াও আধাবাটত দিশহাৰা
অজিত বোলাজনো হেনো ৰৈ আছিল
আমাৰ গাৱৰ বাটত কুঁৱলী
চৌদিশে পানী পৰাৰ শব্দ
কি পালি খেলখনৰ অৰ্থ
দদাই অ’
শুকান জেওৰাৰে কিমান বেৰিবি
আবেগ-উদ্দীপন মনৰ পথাৰ
জীৱনৰ পোখা মেলি
ফুলি উঠে সংগোপনে
ৰাতিৰ নদী
কৈ পেলালি সকলোখিনি
মৌনতা ঢালি ঢালি
জকমকাই উঠে নাৱৰ পানী
জোনলৈ হেনো হাত মেলি
খৰম-ধৰমকৈ ক’লৈনো ওলালি
নাহিলেচোন আজিও কোনো উভটি
সেইবাটে নাযাবি নাযাবি
দোকমোকালিতে শলিতা জ্বলাই
সাৰ পাই থাকিবি
সাগৰ সৌৰভ
No comments:
Post a Comment