Saturday, 13 July 2019

একে গাৱৰ মানুহ



ফ্লাইঅ’ভাৰখনৰ আৰম্ভণিতে
দুজন মানুহ
একে গাৱৰ পৰা অহা

সি অহা খোজকেইটা
গোটই গাঁওখনে ভেঙুচালি কৰে
ভাঁজ দেখুৱাই
খিতখিতাই হাঁহে

সিও জানে সেই কথা
ভাবি থাকে সিহঁতৰো
একোটা ভাঁজ

সন্ধিয়া মানুহ দুজন সেইঠাইতে লগ পালে
ইজনে-সিজনৰ ভাঁজ দেখুৱাই
সিঞাঁৰে
দাঁত নিকটাই হাঁহে

ৰাতিলৈ গাড়ী এখনৰ পিছফালে
উঠি যায়
ঘূৰি নাহে

পিছদিনা সন্ধিয়াটো
ফ্লাইঅ’ভাৰখন
বানপানীত ডুবে
উটি যায়

আৰু এজন মানুহে
ওখ বিল্ডিং এটাৰ বাৰন্দাত বহি
চাই থাকে
ভাবি থাকে
একে গাৱৰ মানুহ
সাগৰ সৌৰভ

Saturday, 20 October 2018

কবি


ঘটিৰামে কবিতা লিখে । কবিতাই ঘটিৰামক লিখে ।
দুয়োৰে মাজত এক সম্পৰ্ক
পুৰণি ।

বাটিৰামৰ ঘৈণীয়েকে কবিতা ভাল পাই । ভাল পাই কবিতা লিখা মানুহো ।
ভাল কবিতাৰ বাবে দিয়া  বঁ‌টা এটাৰ সৈতে তেওঁ জড়িত
কৰ্মসূত্ৰে ।

ঘটিৰামে ভাল কবিতা লিখে বুলি বহুতে কয় । কিছুমানে সঁ‌চাকে কয়, ন'হলে ভাল লাগিবৰ কাৰণে ।
আৰু কিছুমানে ক'বলৈ একো নাথাকে কাৰণে কয় । অগ্ৰজ দুজনমান কবিয়েও তাৰ কবিতা ভাল বুলি 
সলাগে ।

বাটিৰামৰ ঘৈণীয়েকৰ মতে ঘটিৰামেই শ্ৰেষ্ঠ কবি । তাৰ কবিতাত হেনো লুকাই আছে
পৃথিৱীৰ গোপন সত্য আৰু
প্ৰেম ।

প্ৰেমৰ কাৰণেও ঘটিৰাম বিখ্যাত । তাৰ কবিতা শুনিবলৈকে ফোনকল এটাৰ ব্যৱধানত অপেক্ষাৰত
কোন ?

ৰূপাৰ কাণত বাজি উঠে ঘটিৰামৰ শব্দৰ জুনজুননি
হাঁহিত বাগৰে সময়
আৰু ৰৈ যায় কিছু হতাশাৰ
বিৱৰণত ।

কবিতা সম্পৰ্কীয় কোনো আলোচনাত আজিলৈকে ঘটিৰামৰ নামটোকে নোলায় ।
তাৰ বহু পিছত লিখিবলৈ লোৱা কবিও এতিয়া প্ৰায়
প্ৰতিস্থিত ।

'প্ৰতিস্থিত' শব্দটোত কবি ৰৈ যায় । ইপাৰ-সিপাৰ ভাবি থাকে । হতাশাই আৱৰি ধৰে কবিক ।
আৰু কবিতা নিলিখে বুলিয়েই ভাবি
লয় ।

ভাবি থাকোতেই বাটিৰামৰ ঘৈণীয়েকৰ ফোন আহে । কবিক প্ৰশংসা কৰে।
কবি সঁ‌চাই বঁ‌টা পোৱাৰ যোগ্য । প্ৰাণ পাই উঠে কবি
হঠাৎ ।

হঠাতে আৰম্ভ হোৱা সম্পৰ্ক এটাৰে ৰূপাৰ লগত মিলি গৈছে কবি । আৱেগৰ আৰু এখোজ
পাৰ হৈ নাম থ'লে
মায়াৱী-ৰূপা

মায়াৱী-ৰূপাৰ পৰা অলপ আতৰি আহি
কবিয়ে ভাল পালে
অৰূপাক

অৰূপা
ৰূপাৰ বিপৰীত
কিছু আত্মীয় আৰু
ব্যক্তিগত ।

অৰূপাই যেতিয়া বেছি আদৰ বিচাৰে
কবিতা পাহৰি কবিয়ে বিবেকৰ কথা ভাবে
মুহূৰ্ততে হৈ পৰে বেলেগ এজন
মানুহ ।

ৰূপাৰ সংস্পৰ্শত কবি হৈ পৰে উত্তেজিত
হাতত তুলি লয়
কলম ।


বঁ‌টা বাহন আৰু
ৰূপাৰ কোলাত এদিন কবিৰ মৃত্যু হয়
বাটিৰামৰ ঘৈণীয়েকে কাজল মচে
তাৰ বহু আগতেই অৰূপাক আমি দৃশ্যপটত
নেদেখোঁ


সাগৰ সৌৰভ


Saturday, 15 September 2018

ৱেভিঙ


কিমান দূৰত্বত ৰৈ তোমালৈ বুলি
হাতখন মই দাঙি দিলোঁ

সেইবাটেৰে আহি থকা বতাহজাকে
আকৌ ঘূৰি গৈ
কিবা বতৰা এটা লৈ অহাৰ কথা

ক'ৰবালৈ গুচি যামগৈ বুলি
ইয়াতেই মই ৰৈ থাকিলোঁ
ৰৈ থাকিলোঁ
দিন-বাৰ মিলিব মিলিব বুলি
কথাবোৰ কত পাতিলোঁ
ভাঙিলোঁ

উশাহ মোৰ গৈ থাকে
সেই একেই দিশে
ভৰি মোৰ নলৰে

ভৰিয়ে মোৰ শুঙি থাকে
মাটিৰ তলৰ গোন্ধ
আঙুলিবোৰ তললৈ সোমাই যায়

সোমাই গৈয়ে
তোমাক আকৌ বিচাৰি ফুৰে

এবাৰো পিছ নুবুলি
আন্ধাৰৰ বাট এটাৰে তুমি গৈ আছা
আৰু ভাল দিনৰ অপেক্ষাত
মৃত্যুৰ ক্ষণ গণি থকা মানুহবোৰৰ স'তে
একেঠাইতে মই ৰৈ আছোঁ


সাগৰ সৌৰভ

Wednesday, 18 July 2018

হোজাল'ৰাৰ পেনপেনীয়া গদ্য


নৰিমন পইণ্টৰ ৰাস্তাটোৰে খচকি যাওঁ‌তে
সাগৰখনৰ সমূখতে
এজনী ধুনীয়া নাৰীক লগ পোৱাটোকে
মই আশা কৰোঁ
ধুনীয়াৰ সংজ্ঞা বিচাৰি
আজি আৰু বিতৰ্ক নকৰোঁ‌
মোৰ উশাহে তেওঁক খেদি ফুৰে
অনুসৰণ কৰে
তেওঁৰ প্ৰতিটো খোজ
কফি খোৱা কাগজত গ্লাছটো
পেলাই দিবলৈ ডাষ্টবিন এটা বিচাৰি ফুৰোতে
হাতখন পাতি দিবলৈ মন যায়
মচি দিবলৈ মন যায়
ওঁ‌ঠত লাগি থকা কফিৰ গোন্ধ

সন্ধিয়া এটা ৰৈ তেওঁলৈ
মই ৰৈ থাকো লিফ্টখনলৈ
টিপি দিবলৈ সপ্তম মহলাৰ চুইচ
একেলগে নামি দিবলৈ
কথা এষাৰিৰ ব্যৱধানত জুখি পেলাবলৈ
শৰীৰৰ সকলো উষ্ণতা

বহুদিন তেওঁক দেখা নাই
খবৰ এটা দিয়া ভাই
লিফ্টমেনটোৰ মাতটো কেনেকুৱা পাই

মানুহজনী ক'ত গ'ল
হেৰাই গ'ল
মানুহ হেৰাই
মানুহ হেৰাই
বহুত মানুহ হেৰাই গ'ল
চিনাকি নোহোৱা হ'ল

লিফ্টমেনটোৰ মাতটো কেনেকুৱা পাই
এদিন বোপা তুমিও হেৰাবা
কাৰোৰে একো খবৰ নাপাবা

Tuesday, 24 April 2018

শিলৰ ৰিহা


আকাশত যেতিয়া এটাও তৰা নাথাকে
চাই থাকোঁ তোমাৰ মুখ
ইমান আন্ধাৰতো কি সাৰে থাকে সাৰে
জাঁ‌প নাযায়নে চকু

ৰাস্তাৰ মাজতে ধৰি
খুলি পেলাই বুলি যত আৱৰণ
তুমি ভয় খাই থাকা ভয়
সেই ভয়ে পিন্ধি থাকে আন্ধাৰ এচুক

কবিতা লিখি লিখি
যিমান কাগজ ফালিলোঁ
আনি দিব পাৰিলোঁ‌হেতেন
এখনি শিলৰ ৰিহা
কেনেকৈ খুলিব কোনে
নাপালে দিহা

তেজৰ জোলোঙাবোৰ
দেও দি ফুৰাৰ আগদিনা
আমি একেলগে কৈছিলোঁ
যি বাটে গুচি গৈছে পৃথিৱী
সেই বাটে মোক নিনিবি

পৰুৱাই পালে কি নাপালে
আন্ধাৰত হেৰুৱাই বাট
কিবা এটা ভাল লাগে

ষ্টেলিনৰ চোলা এটা পিন্ধি
কুলাবাৰ ৰাজপথেৰে খচকি যাওঁ‌তে
কোনেনো চিঞঁ‌ৰি মাতিলে
পিছে পিছে আহি থকা মেকুৰীবোৰ
আঁ‌ৰতে লুকালে

চেচুনডকত
ৱালবোৰত সিহঁ‌তে লিখি আছে কিবা
সকলোৱে ভাবি আছে কবিতা
লিখি নেপেলায়
অথবা নোৱাৰেগৈ

সাগৰ সৌৰভ

Friday, 20 April 2018

এঘাৰ চনৰ কথা


(নতুন কথা একো নাই)
……

শেৱালিবোৰ সৰি সৰি
পদুলিটো ইমান ধুনীয়া গোন্ধাই
তথাপিও মই ৰৈ থাকোঁ
ফুলবোৰ শুকাই যোৱালৈ
দুপৰীয়াৰ ৰ'দত খৰখৰীয়াকৈ ভাজি খাবলৈ
ভাল

শেৱালিৰ লগত চিনাকি
শৈশৱৰে
এদিন আমি অস্তিত্ববাদৰ কথা পাতি পাতি
নিজক বিচাৰি বাহনিখনলৈ সোমাই
গৈছিলোঁ

গৰু লৰাবলৈ অহা
জহনি যোৱাটোৱে
গোটেই হুৱা-দুৱাখন লগালে
নিউজ চেনেল আহিল
সন্ধিয়ালৈ ৰঙা ৰঙা আখৰেৰে আমি বাতৰিত
ওলালোঁ

নামঘৰত বিচাৰ বহিল
লজিক পঢ়োৱা মাষ্টৰজনে কথা ক'লে
এঘাৰশ এঘাৰ টকা দি মই বাচি গ'লোঁ
শেৱালিৰো আন একো ন'হল
নামটোৰ আগত বহা বিশেষণটোৰ বাদে

মুক্ত চৰাই হোৱাৰ গান এটা
আঙুলিৰে মোৰ বুকুত লিখি লিখি
অনিচ্ছাৰে তাই ওৰণি এখন টানি ল'লে

নিজকে বিচাৰি
ৰ'দে বৰষুণে মই ঢপলিয়াই ফুৰিছোঁ
অস্তিত্বহীনতাৰ সংজ্ঞা এটাৰ সৈতে
এতিয়াও যুঁজি আছে
শেৱালি

ইচ্ছাশক্তি আৰু সংশয়ৰ মাজৰ
সাঁকো এখনত ৰৈ আছে
সময়
অপেক্ষা !

দুখৰ সমভাগী হোৱা
অনুভৱী কবি
কিয়বা মই ন'হলোঁ


সাগৰ সৌৰভ

Saturday, 7 April 2018

সংলাপ লিখিব কোনে


আন এদিনাখন
বীণাপাণিৰ মঞ্চত বানত ডুবা মানুহজনে
গৰু পঘা এডালেৰে নিজকে
মূৰৰ পৰা গুৰিলৈ বান্ধি পেলাওতে
শেষবাৰ লগ পাইছিলোঁ
দীপক দাক

ধুলিৰ মাজেৰে
বাচ এখন আহিব আহিব বুলি
ৰৈ আছিলোঁ
দীপক দাই কৈছিল
খোজকাঢ়িয়ে যা
ৰাতিলৈ সিহঁতে শিলঘৰীয়াবোৰ বালিত পুতিব

ঘূৰি আহে দীপক দা
নাটক এখন কৰিব লাগিছিল
নাটক
সংলাপ লিখিব কোনে

নীলিমাহলত বাগি দিয়া নাচটোত
বাৰেপতি মানুহবোৰে বাওঁ‌পাকে ঘূৰিছে
খোলৰ মাতত হেৰাল দীপক দাৰ মাত
সোঁপাকে ঘূৰ
সোঁপাকে

আকৌ আহে দীপক দা
নাটক এখন কৰোঁ আহ
নাটক

বহুদিন মই নাটক চোৱা নাই
নাচি নাচি ভাগৰি পৰা মানুহবোৰ
কিবা এটা ভাল লগা নাই
খোলাকৈও একো ক'ব পৰা নাই

সংলাপ লিখিব কোনে

সাগৰ সৌৰভ

Thursday, 5 April 2018

তেজপিয়া

কেতিয়াবা ভাবো
আকাশখন এতিয়াই খহি পৰক
আৰু ওখ ওখ অট্টালিকাবোৰ চূৰমাৰ হৈ যাওক

মোৰ মূৰৰ ওপৰত এখন সাগৰ আছে
জলপৃষ্ঠত খচকি আছে
সভ্যতা

ঢৌ খেলি যোৱা পানীয়ে
দি যায় অতীতৰ আৱৰ্জনা
সেয়া মোক নালাগে

তোমাৰ বুকুৰ এনিশাত
মোক জিৰাবলৈ দিয়া
শুনিবলৈ দিয়া কাণপাতি
অশান্ত লহৰ

ভয় ?
মোলৈ যদি ভয় কৰিছা
ময়েই দূৰ্ভগীয়া
জকাটোৰ ভিতৰত চলি থকা যুঁ‌জখন
তোমাৰ বাবে নহয়

এই মৌনতাক অহংকাৰ বুলি নাভাবিবা
মৌনতাও এক আচৰণ
ভালপোৱাৰ…

লাজত উতলি উঠিলে
গোলাপী গাল
চেকি চাব মন যায় তোমাৰ এটোপাল
তেজ

ভোক আৰু লোভৰ
ময়েই মানুহ
আন জীৱ বুলিও নাভাবিবা

সাগৰ সৌৰভ

Wednesday, 21 March 2018

মোৰ-বসন্ত


ফুল ফুলক বা নুফুলক
তুমি হাঁহি উঠিলেই
মই উৎযাপন কৰিব পাৰোঁ
বসন্ত

হাঁহি উঠানো কি ইমান জটিল

পৃথিৱীয়ে দিশ হেৰুৱা বাটৰ
তুমিও যদি এজন পথিক
গৈ থকা আৰু
উভতি অহাৰ
মাজৰ ব্যৱধানত
আমি এদিন আকৌ লগ পাম
তেতিয়াও হয়তো সুধিম
হাঁহি উঠানো কি ইমান জটিল

আইৰ চৰুত জুই লাগিল কি নালাগিল
বাইক হাঁচতিত লাগে
সাত সাগৰৰ মানিক

হাঁহি উঠানো কি জটিল

আকাশ নীলা হওক বা ক'লাই হওক
তুমি হাঁহি উঠিলেই
মই উৎযাপন কৰিম
বসন্ত

সাগৰ সৌৰভ



Tuesday, 20 March 2018

ভ্ৰমণ বিৰতি


বহুদিন কাৰোৰে লগত দীঘলীয়া সময় কথা পতা নাই
বহুদিন কাৰোৰে লগত একাপ কফি খোৱা নাই
হাতত ধৰাধৰিকৈ খোজ কঢ়া নাই
বহা নাই নদীৰ ঘাটত
আৰু সোধা নাই কিমানবাৰ প্ৰেমত পৰিছা
জীৱনত ?

বহুদিন মই নিজক বিচাৰি পোৱা নাই
এদিন আমাক বিচাৰি গৈ দেউতাই হেৰুৱাইছিল
নিজক
সেই ভুল মই কৰা নাই
বহুদিন মই বিচাৰি পোৱা নাই নিজক

সাগৰ সৌৰভ

Saturday, 10 March 2018

হিমু


এদিন
হঠাতে
হিমু নোহোৱা হৈছিল
দিন বাৰ ঠিক মনত নাই
ফাগুনে ধুলি উৰুৱাই ভাগৰি পৰাৰ পিছত
আৰু আহি থকা বসন্তই নতুন সাজ এযোৰ পিন্ধিবলৈ লোৱাৰ
কোনোবা এটা মুৰ্হূতত
হিমু নাই
খুব হুৱা-দুৱাখন লাগিল
হিমু নাই
হিমু নাই
পিৰালিত বহি আয়তীয়ে বিনাই

তাৰ মাকৰ চকুপানী বাহি চোতালেদি
পদুলিমুখ পালেহি
সেইবাটেদি কিমানযে খোজ পৰিল
কিন্তু হিমু নাহিল
দিনৰ পিছত দিন বাগৰিল
নতুন বেশ, নতুন কথা আহিল
চৰকাৰো বদলিল
পৰিবৰ্তন আহিল কি নাহিল
হিমু নাহিল

দেহি ঐ, কি কিযে নেদেখিলোঁ
স্বৈৰাচাৰী শাসকৰ উৎপাত
শোষিত কৃষকৰ আত্মজাহ
ছাত্ৰৰ মূৰত প্ৰশাসনৰ লাঠীৰ কোব
উঘালি পেলোৱা লেলিনৰ প্ৰতিমূৰ্তি
আৰু…
ক'বলৈ ভাষা নাই
ভাষা নাই
পাতিবলৈ কথাবোৰ কাষত আজি হিমু নাই


শেষবাৰ দেখা হওঁ‌তে হিমুৱে কৈছিল-
নজনা-নভবাকৈ আমি মাথোঁ গৈ আছোঁ
গৈ আছোঁ…
এনেকৈ আৰু কিমান বা দিন

তেনেই খৰাং আজি নদীৰ ঘাট
কোনফালে পোনালে
উভতি অহাৰ বাট

গৈ থকা
আৰু উভতি অহা
একে যেন লাগিলেও
সেই বাট জানো একেই

গৈ আছে হিমু
ৰৈ আছো মই
হয়তোবা আপুনিও

সাগৰ সৌৰভ



Wednesday, 14 February 2018

আমাৰ ল'ৰা ভাল


ওখ শিমলুৰ ৰঙে যেতিয়া
মনলৈ কঢ়িয়াই আনে মাথো বিষন্নতা
এজন কবিলৈ মোৰ খং উঠে

ভালেমান দিন ধৰি
মই কবিতা লিখা নাই

আমি সকলো হেনো সময়ৰ দাস
কবিৰ ভাষাত
জীৱনৰ…

মিউজিয়ামৰ এচুকত সঁ‌জাই থোৱা
আইতাৰ কলিজাটোৱে
কলঢোক কলঢোককৈ
মোক সাধু এটা কৈ আছিল

আমাৰ ল'ৰা ভাল
এতিয়া হেনো সেইদিন আৰু নাই

স্বাভাবিক…

মদৰুৱা পথাৰ দেখি হুমুনিয়াহ কঢ়া
ল'ৰাটো আজি কেনি গ'ল

আমাৰ ল'ৰা ভাল

সাগৰ সৌৰভ

Thursday, 14 December 2017

জলকুঁৱৰী


নিজকে খান্দি-খুচি শেষ হ'বলৈ দিয়া
লঠঙা পাহাৰটোৱে আমাক কৈছিল –
ইয়াত এখন নদী আছিল

সেইনদীতে
যৌৱনৰ এডিঙি পানী নাদুৰি অহা বাইজনী
এদিন জলকুঁ‌ৱৰী হ'ল

বলিয়া বানত থৰক-বৰক
তাইৰ  জীৱটো যেনিবা বাচিল

ফাগুনৰ ৰঙচুৱা ফুলবোৰে
আপোনাকো পাহৰাই নেপেলাই জানো
সমস্ত দুখ
ননচাকৈ থাকে জানো এপাক
ৰাসৰ ৰাতি...

নিৰ্বাচনী বতাহত জলকুঁৱৰী ক'তযে হেৰাল
কোনেও ভূ-টোকে নেপালে
আমিও দলঙা পাতি ৰৈ থাকিলোঁ

সেই দুখতে নদীখন আৰু দুনাই ব'ব নুখুজিলে
উৰি অহা বালিয়ে আহি এদিন গোটেইখন পুতিলেহি

সেইকথা নতুনকৈ বহা কাৰখানাটোৱে নাজানে
নাজানে জলকুঁৱৰীৰ কথাও
সেইখিনিতে ফটা শিল এটাত আউজি
ৰজাঘৰীয়া মানুহ এজনে সিদিনা চিঞৰি উঠিল-
জলকুঁৱৰী হেনো এতিয়া কাৰখানাৰ ধোৱা হৈ উৰিছে
আমি সকলোৱে বোলে পূজা কৰিব লাগে

কথাটোৱে দেশখন জোকাৰি গ'ল
কাৰনো কি ক্ষতিটো হ'ল
খেনোৱে পূজাত বহিলে
আৰু আমি জলকুঁৱৰীক মনত পেলাই
এখন্তেক চকুলো টুকিলো

সাগৰ সৌৰভ



























Sunday, 29 October 2017

নিউটন

নিউটন


নিউটনে কবিতা লিখে
কবিতাই লিখি থাকে নিউটনক

ৰঙা গাউন এটা পিন্ধি
বাৰন্দাত চিগাৰেট হুপি থাকোঁতে
গছৰ পৰা আপেল নহয়, তামোল এটা সৰি পৰে
তামোলৰ পাকটোতে কিমান জুতি…
শীতলীৰ শীতল দেহত তেওঁ দেখিছে

কিবা এক অভিমানত ক্ৰমশঃ চেঁচা হ'বলৈ ধৰা
চাহকাপলৈ তেওঁ ভেবা লাগি চাই থাকে
ধোঁৱাবোৰ ওপৰলৈ উৰি যোৱাৰ আঘাততে
চাহকাপ নিথৰ হৈ পৰে
আৰু সমবেদনাৰে ধোঁৱাবোৰো ক'ৰবাত লুকাই যাব খোজে

মধ্যাকাৰ্ষণিক বল এটাই
নিউটনক একেৰাহে নিজৰ ভিতৰলৈ টানি থাকিব খুজিলেও
বেলেগ এটা কথাইহে তেওঁৰ মনটোক ধৰি ৰাখে
ৰাতিলৈ চাৰিজন মানুহ আহিব
চাৰিটা বিষয় আলোচনা কৰিব
মদৰ টেবুলত কোনে সুধিব- আজিনিশা বাতৰিত কিমান মানুহ মৰিল…??

একমাত্ৰ জীয়াৰীৰ বাবে
চৰকাৰী চাকৰি এটাৰ কথা ভাবি ভাবি
আগফালৰ বাৰীখন চফা কৰি থাকোতে
ৰাস্তাটোত দ'ম কৰা জাবৰখিনি দেখি
থোপাথোপে ফুলি থকা ফুলবোৰে
তেওঁলৈ পোন্দোৱাকৈ চায়
ফুলি উঠা শেৱালিও হেনো নোগোন্ধাই

 একেসময়েতে বজাৰৰ পৰা উলটি অহা
সৰুকনৰ চাইকেলখন
তেওঁৰ পদুলিৰ নলাত আহি সোমাইহি
ধলং পলং সৰুকনৰ নাচনী খোজকেইটাই
দৰ্যোধনৰ ভাও দিব খোজোতেই
হঠাৎ কাৰেন্ট যায়
অন্ধকাৰ…
আকাশ খহি পৰাৰ দৰে
ভিতৰৰ পৰা ঘৈণীয়েকৰ একেচীয়া ভোৰভোৰণিটো
কাণখনত বাজি উঠাৰ পিছ মুৰ্হূততে
গেলেন এটা হাতত লৈ মহাজনৰ দোকানৰ ফালে তেওঁ লৰ মাৰে

সন্ধিয়াটোৰ সুযোগ লৈ
চাৰিআলিৰ ল'ৰাবোৰে
নিৰঞ্জন মাষ্টৰক নিউটন বুলি জোকায়…


সাগৰ সৌৰভ

Wednesday, 23 August 2017

আন এদিনৰ কথা


এদিন সেমেকা বতৰত
মই তাইক কৈছিলোঁ
নিসংগতাৰ তিতা-মিঠা সোৱাদ এটা
মোৰ বুকুজুৰি বৈ আছে
আৰু কিবা এক হীনমান্যতাই মোক আবৰি ধৰিছে
তাই কৈছিল - বতৰৰ লগত মনৰো এক সম্পৰ্ক আছে

এদিন
বতৰটো গুমগুমাই থাকোতে
তাইক মই কৈছিলোঁ
কিবা এক অনিশ্চয়তাত মই ডুবি আছোঁ
দোদুল্যমান অৱস্থানত ৰৈ মনটোও
সোঁৱে - বাঁৱে সমানে দুলিছে
তাই কৈছিল - বতৰৰ লগত মনটোৰো এক সম্পৰ্ক থাকে

আন এদিন
দোপালপিটা বৰষুণত আমি তিতিছিলোঁ
হেঁপাহ নপলোৱা হাঁহি এটাৰে
মই কৈছিলোঁ - কিবা এক হেৰুৱাৰ ভয়ে মোক খেদি ফুৰিছে
তাই কৈছিল - তেনে এক ভয় তাইৰো হৈছে
কিজানি এই বৰষুণৰ এই টোপালবোৰৰ মাজেৰেই
হেৰাই যোৱাৰ আন এটি বাট !

বতাহজাক জোৰেৰে বলিবলৈ ধৰোতেই
আমি দুয়ো একেটা কথাকে ভাবি আছিলোঁ
সকলোৰে একোটা গতি থাকে
ধৰি ৰখা বা এৰি দিয়াটো
মাথোঁ নিজস্বতা  !!

সাগৰ সৌৰভ

Tuesday, 4 July 2017

বিন্দু



বিন্দু

আদিগন্ত নীলাভ সাগৰখনৰ
প্ৰতিটো ঢৌয়ে যেতিয়া কৈ যায়
কথাবোৰৰ কোনো শেষ নাই
অথবা নাছিল কোনো আৰম্ভণি

সকলো সুখ-দুখ সামৰি লোৱা
বৃত্তটোৰ প্ৰতিটো বিন্দুতে এপাক মাৰি
মই মধ্যবিন্দুত ৰওঁ‌হি

বিন্দুক মই বহু আগৰে পৰা জানোঁ
ইস্কুলীয়া দিনৰ পৰাই
চোতালৰ পৰা তৰাবোৰ গণি গণি
মনেৰে ঢুকি নোপোৱা দূৰত্বৰ
কোনোবা এজন প্ৰেমিকে
তাইলৈ চাই থাকোতে
তেৱোঁ এক বিন্দু হৈ পৰিছে

এই মহাজাগতিক খেলখনৰ
আমি সকলোৱেই মাথোঁ এটি বিন্দু বুলি মানি ল'ব খোজোতেই
দেচুৱালী মহগুৱাল এটাৰ সৈতে
এদিন বাপেকে তাইক পঠাই দিছিল
দক্ষিণ পাৰলৈ…

দক্ষিণপাৰৰ
যি ফালে নদীখনে অন্য এক ৰূপ লৈছেহি
সেই পৃথিৱীখনো বেলেগ
মদৰ নিচাত বেলিটো ডুব যাব খোজোতেই
কিছুমান চৰ ভুকু কিল অনায়াসে উফৰি আহি
তাইৰ আয়তন দুগুণ কৰি তোলে
আৰু কিবা এটাৰ ভৰত শৰীৰটো নিথৰ হৈ পৰে

হাত-ভৰি বান্ধি থোৱা ৰাতিটোৱে যেনিবা
নিৰবে সকলো সহি টোপনিত পৰে

ওকণি চোৱা মেলত কথাবোৰ  কৈ কৈ
বিন্দুৱে কিৰিলি পাৰি হাঁহে

সুৰুঙা পালেই
সেই হাঁহিটোৱে হাবিখনৰ মাজলৈ সোমাই গৈ
পৰ্যটক এজনকো সাঙুৰি ল'ব খোজে

আদিতে বিন্দুৱে চিনি পাইছিল তেওঁক
কবিতা লিখিছিল
আৰু এই পৃথিৱীৰো বহুদূৰত্বৰ আন এখন পৃথিৱীৰ কথাবোৰে তেওঁক বিভ্ৰান্ত কৰি তুলিছিল
এতিয়া বোলে কিবা এনজিঅ' এটাৰ হৈ সামাজিক কামত ব্যস্ত…

'এনজিঅ' আৰু 'সামাজিক'
শব্দ দুটাই বিন্দুক মুহূৰ্ততে উৎসাহিত কৰি তোলে

এবুকু পানীত নামি
নুশুকুৱা ঘাঁ‌বোৰত আঙুলিৰ বুলাই থাকোতে
দীঘল উশাহ এটাৰ সৈতে তাইৰ ভাবনাই
কোনোবাখিনি পায়

আই ঐ দেহি
পিচলাৰ পানী আজি কোন বাটে যায়

সাগৰ সৌৰভ

Tuesday, 27 June 2017

টনা-টনি



টনা-টনি

একো কথাকে নুশুনি
মই মাথোঁ‌ দৌৰিছোঁ‌
চাৰিটাকৈ ঘোঁৰা মোৰ সতে
মোৰ চাৰিওফালে দৌৰি আছে
আৰু প্ৰত্যেকেই মোক নিজৰ গাৰ ফালে টানি আছে

আপেলটোৱে নিউটনক নিজৰ গাৰ ফালে টানি আছিল
আৰু নিউটনে নিজৰ গালৈ

মোৰ চেতনাই
মোক নিজৰ ফালে টানি থাকে
ভাবিও বাদ দিয়া কথাবোৰ
আৰু নভবাকৈ কৰি থকাবোৰে
নিজক নিজৰ ফালে টানি আছে

চেতনাক মই ভাল পাওঁ‌
তায়ো…
আমি ইটোৱে সিটোক নিজৰ ফালে টানি থাকোঁ‌
তেনেকৈয়ে আমি আনন্দ বা বিষাদৰ বেলুন এটাত ওলমি আছোঁ‌
আৰু কৃত্ৰিম উপগ্ৰহ এটাই সেই
খেলটো চাই চাই নিৰবে হাঁ‌হি আছে

বেণুগাঁ‌ঠি থাকোতে
আইনাখনে চেতনাক নিজৰ গালৈ টানি থাকে
চেতনায়ো আইনাখনক নিজৰ কৰি লয়

মানব সভ্যতাৰ পৰিসমাপ্তিৰ তত্ত্ব এটাই
মোক টানি আছে
আৰু খাৰঘূলিৰ নতুন ৰিভাৰভিউ এপাৰ্টমেন্টটোৰ খোলা খিৰিকিখনে

এই টনা-টনি খেলটোত
মই যিমানেই দৌৰিছোঁ‌
একেঠাইতে ৰৈ আছোঁ‌

আপুনি ?

সাগৰ সৌৰভ

Friday, 3 March 2017

বালিচাঙত জন লেনন



যি বাটেৰে সি গুচি গ'ল
কোনেও ভূ-টোকে নাপালে

'এচকেপিষ্ট' ধাৰণা এটাতে
বাক-বিতৰ্কখন চলি থাকোতেই
ৰাতিৰ ৰেলত আমি বিশ্বনাথ পালোহি

মাদলৰৰ মাতটোৰ মাজে মাজে
দূৰৈৰ গাঁ‌ওখনিৰ পৰা
ভাঁ‌হি আহিছে
ঝুমুৰৰ কৰুণ সুৰ

চিমকাৰ্ড এখনত আঁ‌উজি থকা বেপাৰীজনে
হোৰ্ডিং এখনৰ পৰা নামি আহি
শ্লিপছত ফিল্ডিং কৰিছে
বলিং কৰিছে গেৰুৱা বিপছ পিন্ধা টীমটোৱে
দুৰ্দান্ত লাইন আৰু লেঙ্গথ্
আমাৰ বেচমেন সকলক একেবাৰে 'নিৰক্ষৰ' বুলি প্ৰতিপন্নিত কৰিবলৈ
মাথোঁ‌ এটাহে চেচন বাকী
অদ্ভুত বডি লেঙ্গুৱেজ
কমেন্ট্ৰী বক্সত কোনোবা এজনে 'সহনশীলতা'ৰ কথা কৈছে
আৰু অলপ সময়তে তেওঁকো হয়তো 'বেন' কৰি দিয়া হ'ব

ইমানখিনি উত্তেজনাৰ মাজেৰে
আমি বালিচাঙত কটালোহি
অপেক্ষাৰ এদিন

মহালক্ষী বাগানৰ পৰা
চিধা-চিধি পোনাই দিলেই
নৈ এখন গচকি
পাহাৰটোলৈ বাট

সেই বাটেদিয়েই ল'ৰাকেইটা গুছি গৈছে
উভতি অহা নাই
আজিও
মাথোঁ‌ নদীত ওপঙি আহে
দুই-এক মৃতদেহ
অচিনাক্ত…

আদহীয়া মহিলাজনীয়ে সুৰাৰ ৰাগিতে নাচিছে
পাহৰি যাব খুজিছে
মুহূৰ্তৰ বাবে
চিফুং বজোৱা তাইৰ চেঙৰাটোক
মেঠনিৰ পাকটোতে বান্ধি থৈছে
সেই একেই উত্তাপ
আৰু অপেক্ষা

এই বাটেদি নিতৌ আহে
পুলিচ-মিলিটেৰিৰ গাড়ী
অহা নাই পিছে আজিলৈকে
বিজুলি আৰু খোৱাপানীৰ নল
আৰু শিক্ষা বিভাগৰ এযুৰি চকু

আন্ধাৰ হোৱাৰ আগেয়েই
সেইবাটতে গীটাৰ এখন লৈ
চুলি দীঘল গায়কজনক আমি
'জন লেনন' বুলি চিনাক্ত কৰিলোঁ
- ইমাজিন… অল দ্যা পিপ'ল লিভিং লাইফ ইন পিচ
গান আৰু গীটাৰৰ ঝংকাৰত বাজি উঠিছে
গোটেই পাহাৰ
বালিচাঙ ৰিজিংজাং
ইয়েচ !
ইউ মে চেয় …আই এম এ ড্ৰিমাৰ

সাগৰ সৌৰভ

Saturday, 21 January 2017

কোট




কোট

সিদিনা
কফি একাপৰ সৈতে বেলকনিত বহি থাকোঁতে
হঠাৎ মেচেজটো পালোঁ

ৰেইন ডেন্স
গ্ৰীনলেণ্ড ৰুফটপ
ৰিপৰ্টিঙ টাইম চেভেন পি এম

জিকমিক সন্ধিয়াটোৰ দৰে
কিবা এটা
মনৰ মাজতো

অতসময়ে নজনাৰ ভাও ধৰি
মোৰ কোটটোকে বিচাৰি থাকিলোঁ
বাকী সময়ত মনত নপৰিলেও
পাৰ্টী বুলিলেই প্ৰথম মই কোটটোৰ কথাই ভাবোঁ

পুৰণি আলমাৰিটো
আগৰ ঘৰটোত অকলে বন্দী কৰি ৰাখিলেও
লগত লৈ ফুৰিছোঁ
মোৰ কোটটো

এদিন এই কোট পিন্ধিয়েই
দিকৰাইমুখত চিঞৰি চিঞৰি ভাষণ দিছিলোঁ
-“এই দেশ, এই মাটি আমাৰ অধিকাৰ’’
আৰু প্ৰতাপগড়তো বনুৱাই বনাচ নোপোৱাৰ
 প্ৰতিবাদত আগভাগ লৈছিলোঁ

এতিয়া নতুন এপাৰ্টমেন্টত সময় পালেই
সেই ভাষণবোৰ লুটিয়াই চাওঁ
দুই এখন কিতাপো কৰিছোঁ জানা
এতিয়াও আছে মনত সেই উত্তাপ
উত্তাপ মানেই আন্দোলন
মানে বিপ্লৱ

বিপ্লৱ
গোলমুখীয়া ল’ৰাটো
আমাৰ এপাৰ্টমেন্টলৈ নতুনকৈ আহিছে
কি কৰে মই নাজানোঁ
শ্ৰীমতীয়েহে ক’লে- কিবা হেনো কন্ট্ৰেক কৰে

কন্ট্ৰেকটো ঠিকেই আছেনে
নাই নাই মোৰ দেখোন কোটটো
একেবাৰে পুৰণি হৈ পৰিল
এইটো পিন্ধি আজি পাৰ্টিত-
ওঁহো , হ’বই নোৱাৰে
বেলেগ এটা-
ৰ’বা গাড়ীখন লৈ ওলাই যাওঁ

গাড়ী
চেহ, গাড়ী এখন দেখোন কিনাই হোৱা নাই
কি কৰিলোঁনো তেন্তে ইমান দিনে
প্লেন কৰি নচলাৰ কাৰণেই-
উস! নোৱাৰিছোঁ

ৰ’বা পুৰণি কোটটোকে এবাৰ পিন্ধি চাওঁ
বেলকনিত এখোজ দুখোজ…
চাই লওঁ এবাৰ
গেটৰ মুখত এওঁ কোন?
অ’ বিপ্লৱ
একেবাৰে দেখোন  নোদোকাটো হৈ পৰিছা
হাঁহিছাযে?
কি ক’ব খুজিছা মই বুজিছোঁ
অ’ মই বুজিছোঁ
কিহৰ এই বেঁকা হাঁহি

পেংলাইৰো এটা সীমা আছে দিয়াচোন
তুমি পিন্ধি থকা এই কোটটো
বহু আগেয়ে পিন্ধাৰ সুযোগ এটা পাইছিলোঁ
তেতিয়াই…
জিলিকা ফুল ইমান ভাল নাপাওঁ দেখিয়েই যেনিবা
পিন্ধা ন’হল
বুজিছাতো
তাকে আজি তুমি পৰাজয় বুলি ভাবিছা
আৰু ভাবি লৈছা পাই হেৰুৱাৰ দুখ এটাই
এতিয়াও মোক পিন্ধি আছে

সাগৰ সৌৰভ


Friday, 25 November 2016

জীয়াভৰলীত বনভোজ




এদিন
সেমেকা বতৰত আমি জীয়াভৰলীত বনভোজ খাবলৈ বহিলোঁ
জুৰিলি বতাহত নাচি উঠিল
নৈৰ দুপাৰ
বিয়েৰৰ বটলটো খুলি দিওঁতে হোৱা বুৰবুৰণিটো আওকাণ কৰি
আমি ঢোকাঢোকে গিলিলোঁ
মূৰ পাক খাই যোৱা নিচাতো
অলেখ বুৰবুৰণি
ভাবত মতলীয়া হৈ
খালি বটলকেইটাকে ঝুনঝুনাই
আমি দেও পাৰি নাচিলোঁ

নাচৰ শেষত
আকৌ নাচিলোঁ
ইজনে সিজনক চৰিয়ালোঁ
ঘুচিয়ালোঁ
আৰু মুৰ্হূতৰ বাবে সাবট মাৰি ধৰিলোঁ

চোলাৰ বুটাম খুলি
দাঁত কৰচি
এইবাৰ বটলটো পানীলৈ
দলিয়াই পেলালোঁ
যিমান পানী উফৰি আহিল
নোমডালকে চুবহি নোৱাৰিলে

কিবা এটাৰ দুখত
অথবা উৎসাহত
পানীবোৰে আমাক এৰি যাব খুজিছিল
ভটিয়নী খোজত বটলটোৱে
আমালৈ চাই চাই ভেঙুচালি কৰিলে

সেইটোকো আওকাণ কৰি আমি
মূৰত বান্ধি ল’লোঁ গামোচা
গীতৰ শেষত নিজকে পাহৰিলোঁ
মাৰ যাব খোজা বেলিটোলৈ চাই
টেঁটু ফালি চিঞৰিলোঁ

লাহে লাহে সন্ধিয়াটোৱে আমাক
নিৰৱে গাত পাতি ল’লে



সাগৰ সৌৰভ