Saturday, 8 October 2016

জুই




খিৰিকীৰ সুৰংগ এটাৰে
চটফটাই চটফটাই
ৰাতিপুৱাতে চকুযুৰি যিমান দূৰলৈকে গুছি যায়
ঠিক তাৰ পৰাই
আৰু এহাত মেলি দিলেই
অনায়াসে সকলো সুন্দৰ

মাথোঁ কুঁৱলীৰ সৈতে ঠেলা-বগৰা
খেলি খেলি আহি থকা সূৰুযে
সেই কথা মানি ল’ব নোখোজে

সূৰুয আমাৰ গাৱৰে
মোৰ সহপাঠী
সূৰুযে ভাল পাইছিল
নীলাক

নীলাই কপালত ৰঙাকৈ এটা
আঁচোৰ খালে
বেছিদিনৰ কথা নহয়

সেই বাটেৰে সি আহোঁতে আহোঁতে
কতযে কি নেদেখিলে
ক’ৰবাত জুই লাগিল ওৰেৰাতি
আৰু ৰাতিপুৱাতে ল’চালিবোৰে
চাঁইৰ সৈতে খেলি থাকিল

ক’ৰবাত পানী বাঢি়ল
ল’চালিবোৰে ডেও দি দি
সাঁতোৰ সাঁতোৰ খেলি থাকিল         

তেনেকৈয়ে সি বাট কুৰি বাই
এই চহৰ পালেহি

এই চহৰত জুই লাগিলে
ভাঁটৌৰো জিভা পুৰে

                   সাগৰ সৌৰভ

Saturday, 1 October 2016

ৰঘুমলা



এঢোক-দুঢোক
ঢোকা-ঢোকে গিলি
ফুট-গধূলিতে সি ক’লেনো যায়

পূৰ্ণিমাৰ কামিহাঁড় কিমান ঠুনুকা
দুহাতেৰে জুখি জুখি চায়

মৰাশৰ দৰে মাত এটাই
বাৰে বাৰে সকীয়ায়

তিৰিৰ বিয়ন
মুনিহৰ ৰণ
কোনেনো ভাবি চায়

কাঠৰ টিকা পাৰ হ’লেই
ৰঘুমলাক পায়
আই-ঐ দেহি-ঐ বুলি
আউলী-বাউলী জনী হৈ
গাতে জঁপিয়ায়

চন্দ্ৰ-পূৰ্ণিমাৰ ৰাহি নাহে
গোট গাঁৱে গায়
কাউৰী ৰাখি ভাত খাই
ৰাতি ৰাতি টোকাৰী বজায়

ৰঘুমলা ঐ ৰঘুমলা
আবৰি ধৰিলি মোক ৰঘুমলা
পূৰ্ণিমাৰ ৰাতি মোক অকলে এৰি দে
নিথৰ শৰীৰটো বতাহত মেলি দে



সাগৰ সৌৰভ