Saturday, 8 October 2016

জুই




খিৰিকীৰ সুৰংগ এটাৰে
চটফটাই চটফটাই
ৰাতিপুৱাতে চকুযুৰি যিমান দূৰলৈকে গুছি যায়
ঠিক তাৰ পৰাই
আৰু এহাত মেলি দিলেই
অনায়াসে সকলো সুন্দৰ

মাথোঁ কুঁৱলীৰ সৈতে ঠেলা-বগৰা
খেলি খেলি আহি থকা সূৰুযে
সেই কথা মানি ল’ব নোখোজে

সূৰুয আমাৰ গাৱৰে
মোৰ সহপাঠী
সূৰুযে ভাল পাইছিল
নীলাক

নীলাই কপালত ৰঙাকৈ এটা
আঁচোৰ খালে
বেছিদিনৰ কথা নহয়

সেই বাটেৰে সি আহোঁতে আহোঁতে
কতযে কি নেদেখিলে
ক’ৰবাত জুই লাগিল ওৰেৰাতি
আৰু ৰাতিপুৱাতে ল’চালিবোৰে
চাঁইৰ সৈতে খেলি থাকিল

ক’ৰবাত পানী বাঢি়ল
ল’চালিবোৰে ডেও দি দি
সাঁতোৰ সাঁতোৰ খেলি থাকিল         

তেনেকৈয়ে সি বাট কুৰি বাই
এই চহৰ পালেহি

এই চহৰত জুই লাগিলে
ভাঁটৌৰো জিভা পুৰে

                   সাগৰ সৌৰভ

No comments:

Post a Comment