Sunday, 22 February 2015

মৌচুমী আহিব













মৌচুমী আহিব

( সঞ্জীৱ তালুকদাৰৰ হাতত )


...আৰু
তেওঁলোকে মোক সুখী বুলি ভাবিলে
ভাবিলে চিলা উৰাই চিলা উৰাই
পশ্চিমৰ আকাশত সাতোৰঙী মই
শুনিলে ইকাণ-সিকাণ ঘূৰি ফুৰি যাযাবৰ
মায়াময় জীৱনৰ উদুলি মুদুলি পদুলিত
পুৱা-গধূলি চিকুণাই  তোলা পক্ষী

তোমালোকে দেখিছা
যি বাটেৰে তোমালোক গুছি গৈছা গুছি গৈছা
ভটীয়াই মাৰিছা চৈ
মই উভটি আহিছোঁ মূৰত তুলি লৈ
তলি ফুটা কলহৰ পানী এজোলোক – দুজোলোক  
জোলোকা-জোলোকে ভৰিৰ তলুৱালৈকে তিতি
যি নাছিল নহ’ব কাহানিও নহ’ব কাহানিও 
আৰু তেওঁলোকে ভাবি ল’লে
ৰাধাৰ হাঁহি যমুনাৰ পানীত মোৰ মুখ
ডিজিটেল কেমেৰাৰ চমক

তেওঁলোকে ভাবিলে
গাঁওখনত ময়েই চহকী
ময়েই তুলি আনি গোটেই পথাৰৰ শইচ
ভঁৰাল সাজিছোঁ
এহালি ভাঁটৌ পুহিছোঁ
দিনে-ৰাতিয়ে শিকাইছোঁ
মিঠা সম্ভাষণৰ আদৰ

তোমালোকেই দেখিছা
কুঁৱলী ফালি ওলাই অহা বেলিটোক কেনেকৈ মই আগচি ধৰিছোঁ আগচি ধৰিছোঁ 
ৰ’দৰ বতৰা সুধিছোঁ তোমালোকে খিলখিলাই হাঁহি উঠা আবেলিটোকে
সযতনে ৰাখি থৈছোঁ বহাগলে সুৰাৰ নিচাত দেওধনি নাচিছোঁ
অনাটনৰ বাবে হাহাকাৰ চাটিফুটি কৰি উঠিছোঁ চাটিফুটি সিঁহতৰ কথা ভাবি ভাবি
পাহাৰ বগোৱা লৰাকেইটাক ওভতাই নিবলে মই দৌৰি আহিছোঁ তিনিআলিৰ মূৰলৈ
পুঁৱতি নিশা দূৰৰ পৰাই সিহঁতে কোৱাকুই কৰা শুনিছোঁ
মৌচুমী আহিব
                                                সাগৰ সৌৰভ
 ২০১৫
                       
  








Sunday, 26 October 2014

চেতনা













চেতনা
                              সাগৰ সৌৰভ

আঙুলিফাঁকৰ  চেতনাই মগজু কঁপালে
মুহুৰ্ততে সজাগ হৈ উঠি চহৰখনে
নিশব্দে আৰু এখোজ দিয়ে

চেতনাই গীত জুৰিলে
কপিলী পাৰত...
পানীবোৰ ঢৌ হৈ নাচে

কপিলীৰ কপালত ৰঙা ফোঁট এটা দেখি
চেতনাৰ গা-টো পিলপিলাই উঠে

বলটো আগুৱাই নি থকা খেলুৱৈজনে
চেতনাক দেও দি যায়
চেতনাই পিছহে নেপায়

লাহে লাহে ক’ৰবাত হেৰাই
যায়

বলটো খেলপথাৰলৈ ঘূৰি অহাৰ পিছতো
চেতনা নাথাকে
কোলাহলে নিজকে হেৰুৱায়

কোঠাটো বহি থাকে
অকলে...
ধোঁৱাবোৰ উৰি থাকে
চেতনা নাই

Thursday, 10 April 2014

পিছলাৰ পানী










পিছলাৰ পানী

লোহিতমুখীয়া গীতফাঁকি আঁওৰাবলৈকে
মঙ্গলবৰীয়া বজাৰখন আমন-জিমনকৈ মঞ্চত উঠিছে
মিৰিগ্ৰামৰ চুচুক-চামাক হাঁহি
লগুৰিত যিমানেই শংধ্বনি
বাঢ়িছে পিছলাৰ পানী

পানী চাবলৈ যাব কেৱলীয়া
ভকত

পিছলাৰ পানীয়ে নাও বাই
দক্ষিণপাৰ পায়
লোহিতমুখৰ ভঙা কঁকাল
যোৰোতা নাই

পিছলাৰ পানীৰ ৰাসলীলা
পলৰ সুৰুঙাৰে উঠি আহে
মাছুৱৈ গাভৰুৰ বকুলে
খহি পৰে মেঠনিৰ পাক্
আন্ধাৰ অশ্লীল নিৰ্বাক

পিছলাৰ পানীতে উটি যায়
বংশী-পূজাৰীয়ে কবিতা গায়
বংশীৰ সাঁচিপাতত বাঁহী
পূজাৰীৰ হাঁহি

সাঁজৰ বেলি
আবেলিতে গো-ধুলি
পিছলাৰ পানী তাচপাতত বহে
এবাৰ জিকে
দুবাৰ হাৰে
লগুৰিত লগ পালে হুমুনিয়াহ কাঢ়ে

পিছলাৰ পানী গৈ লোহিতমুখ পায়
মঙ্গলবৰীয়া বজাৰে মঞ্চ কঁপায়

সাগৰ সৌৰভ

Wednesday, 2 April 2014

হতবাক









হতবাক

অলপ আগতে আমি কি কথা পাতি আছিলোঁ
                                    নীলমণি ফুকন


যিবোৰ কথাই আমাক আমাৰ পৰা দূৰত ৰাখিব খুজিছিল
অলপ আগতে আমি তাকেই পাতি আছিলোঁ

জিলিকা ফুল আৰু সুগন্ধি নাচোনে আমাক ইমান মতলীয়া কৰিলে
আন্ধাৰখিনিক সাবটি জ্বলি থকা চাকিটোৰ শেষ পোহৰখিনিও মনিব পৰা নাছিলোঁ

আলিবাট – বালিবাট
হতবাক

নিজন দুপৰীয়া এটা অকলে অকলে বহি আছিল
চৰাইৰ ৰুণটোৱে আমাক তালৈকে মাতিছিল

কথাটো আছিল আকাল
লাগি থাকিল আমাৰ গাতে চিৰকাল

দুখৰ বাঁহী ইমান কৰুণ
অশ্ৰুত মুখ সিমান ভৰুণ

বুজিলেনে বাৰু কোনোবাই
পাক-ঘূৰণি সোঁতটোকে
কোন বাটৰ পথিক



সাগৰ সৌৰভ

Sunday, 23 March 2014

অভিনয়

অভিনয়




















হেজাৰ বিজাৰ চকুত ধুলি মাৰি
সাউতকৈ ওলাই যাব পৰাকৈ
এক অনুশীলন কৰিছোঁ

অভিনয়েই মোৰ পুৰাতন
পৰিচয়

নিজকে বধ কৰি কিমান ওপৰলৈ
উঠি যাওঁ
এতিয়া কিমান তলত

সিমান ওপৰলৈকে আপুনিও উঠিবলৈ
পাৰিছেনে

কিমান ঢৌৱে চুই যায়
সপোনৰ উদং শৰীৰ
ৰূপালীম শ্যামলিমা শেষ হাঁহি
কাৰ সুহুৰিয়ে শুৱাই যায়
কাৰ উচুপনিত সাৰ পায়

সকলো ভাৱনা
যত কামনা
বন্ধ কোঠা
প্ৰলাপ-সংলাপ

নিগৰি বৈ যায়
ৰৈ যায়
ওঁঠৰ ফাঁকে
শেষ কথা

সাগৰ সৌৰভ