Wednesday, 5 March 2014

কবিতা

কবিতা









(কবি অজিত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰে)

জীৱনানন্দ গুছি যোৱা ট্ৰামখন
মোৰ তেজেৰে নামি গৈ
এতিয়াও আধাবাটত দিশহাৰা
অজিত বোলাজনো হেনো ৰৈ আছিল
আমাৰ গাৱৰ বাটত কুঁৱলী

চৌদিশে পানী পৰাৰ শব্দ
কি পালি খেলখনৰ অৰ্থ

দদাই
শুকান জেওৰাৰে কিমান বেৰিবি
আবেগ-উদ্দীপন মনৰ পথাৰ

জীৱনৰ পোখা মেলি
ফুলি উঠে সংগোপনে
ৰাতিৰ নদী

কৈ পেলালি সকলোখিনি
মৌনতা ঢালি ঢালি

জকমকাই উঠে নাৱৰ পানী
জোনলৈ হেনো হাত মেলি

খৰম-ধৰমকৈ লৈনো ওলালি
নাহিলেচোন আজিও কোনো উভটি
সেইবাটে নাযাবি নাযাবি

দোকমোকালিতে শলিতা জ্বলাই
সাৰ পাই থাকিবি

সাগৰ সৌৰভ

Wednesday, 26 February 2014

বকুল









বকুল
মোৰ পিতাইৰ গাঁৱত এখন নদী আছিল
পাক্-ঘূৰণি সোঁতৰ পৰা পাৰত উঠি আহিব খোজোঁতে
উটি লো
ঢৌৰ বিঢৌত গতিত
চহৰমুখী

নৈৰ ইহকাল-পৰকাল
নৈৰ বুকুতে

ডুবি আছিল
দূবৰিৰ নিয়ৰত
কাঁচিজোন

দুৰ্ভিক্ষত নুফুলিল
সূৰুযমুখী

বাৰীৰফালে ফেঁচাজনীৰ নিউনিউমাততো শুনি
আইৰ সজল দুচকুত নাচি উঠে
ধপধপনি এটা

লুইতৰ বুকুফালি পিতাই গৈ আছিল
নামনিৰ কমাৰশাললৈ

পানীপোতাত মই চেঁকুৰিয়াই আছো
ৰঙাঘোঁৰা
কাগজৰ...

বকুল
বকুলৰ মালা গাঁঠি গাঁঠি কিনো পাবি
চহৰলৈ যাওঁ
আটায়ে মোনাত কি ভৰাইছে চাওঁ

সাগৰ সৌৰভ

Wednesday, 19 February 2014

আপোনাৰ সন্ধানত

আপোনাৰ সন্ধানত











সপোনত দেখা দিন ধৰি
আপোনাক মই বিচাৰি ফুৰিছো
ঐয়াঙে-দৈয়াঙে

প্ৰথম দেখাত
মাছ এজনী হৈ ঢৌৱে ঢৌৱে খেলি আছিলে
পিছল শৰীৰত কতবাৰ পিছলিছিলে
পানী

জলকুঁৱৰী হৈ
পানীৰ বুকুলে সোমাইছিলে
সাধুকথা এটাই গিলি আছে
আপোনাৰো অজ্ঞাতে...

বহুবাৰ দেখিছো আপোনাক
নিদ্ৰাহীনতাত...
চকুহালে মোৰ পিন্ধিছে
ৰং

এদিন আপোনাক বিচাৰি বিচাৰি
কেঁকুৰি এটাৰে সোমাই গৈ
ৰাতিৰ অৰণ্য খেদি খেদি
নিজান বাটকুৰি বাই
কেইবাখোজো...

বজাৰখনলৈ সোমাই গৈ
বুটলিলো গুণগুণনি
শুনা নাপালো একোকে

নিজান দ্বীপৰ বালিচৰত
কবিতা এটাই মোক আঁজুৰি থাকোতেহে জানিলোঁ
ৰাতি হলে শুব নোৱাৰে বাবেই
সঘনাই আপোনাক মই সপোনত দেখো


সাগৰ সৌৰভ

Tuesday, 18 February 2014

আজন্ম

আজন্ম

শুকান মৰাঠাৰিবোৰ মৰমৰকৈ ভাঙি পৰাৰ দৰে
অথবা ওখ গড়াটো ক্ৰমান্বয়ে নৈখনিত মিলি যোৱাৰ দৰে
এটা দুখ

দুখৰ পৰিসীমা দুখ                                                          
জীৱনজোৰা...

ভাৱনাৰ স্বৰলিপি
নিমাত অনুনাদ

নৈখনে মেলি দিলে নাও
নাও বোলে উঠোতে ডুবে
নামোতে ডুবে
নাৱৰীয়া গুছি যায়
দুঁদতীয়া দলং বগায়

ৰংদৈ আচলেৰে নামিছে সন্ধিয়া
ভটিয়নি পশ্চিম
গধূলিক মাতি নিলে
জিলীবোৰে অৰণ্যলে
হাবিত কাঁহে
ওলাই নাহে

দুখবোৰে পিন্ধি লে জৰায়ু
শুই থাকিল উজাগৰে
দহমাহ দহৰাতি

                                        সাগৰ সৌৰভ