Friday, 14 February 2014

নৈ আৰু ল’ৰাৰ কাহিনী




নৈ আৰু ল’ৰাৰ কাহিনী

নৈখনে পাৰত এৰিথৈ যোৱা শিলটোৰ মতে
ল’ৰাটো ঢুকুৱা আজি বহুদিনেই
হ’ল            

তাৰ আঙুলীকেইটা এতিয়াও
ট্ৰিগাৰত লাগি
আছে

‘কালৰো কাল বিপৰীত কাল’
বুলি গালৈ চতিয়াই দিয়া
সৰিয়হ চাটি উফৰি ক’ৰবাত
পৰিলগৈ

পদশব্দত হেৰাই গ’ল
অতীজ যেন নিচুকনি সন্ধিয়াৰ
বোল

এথেও-বেথেওকৈ ট্ৰিগাৰটোৱে
মোৰ আঙুলীবোৰ পিন্ধি
ল’লে

বুকুত পিন্ধিবলৈ এতিয়াও
সংকোচৰ আন্ধাৰ
সুৰংগ

এলা-পেচাই কথা
পৰিধান কৰাটো
নগ্নতা

ল’ৰাটোৰ হাড়ত বনবোৰ জোপোহা হ’ল
মৰাতেজৰ চেঁকুৰাবোৰে
মোক পিন্ধি আছে
সংগোপনে
নিৰ্বিৰোধে
প্ৰতিদিন...
সাগৰ সৌৰভ