Wednesday, 21 March 2018

মোৰ-বসন্ত


ফুল ফুলক বা নুফুলক
তুমি হাঁহি উঠিলেই
মই উৎযাপন কৰিব পাৰোঁ
বসন্ত

হাঁহি উঠানো কি ইমান জটিল

পৃথিৱীয়ে দিশ হেৰুৱা বাটৰ
তুমিও যদি এজন পথিক
গৈ থকা আৰু
উভতি অহাৰ
মাজৰ ব্যৱধানত
আমি এদিন আকৌ লগ পাম
তেতিয়াও হয়তো সুধিম
হাঁহি উঠানো কি ইমান জটিল

আইৰ চৰুত জুই লাগিল কি নালাগিল
বাইক হাঁচতিত লাগে
সাত সাগৰৰ মানিক

হাঁহি উঠানো কি জটিল

আকাশ নীলা হওক বা ক'লাই হওক
তুমি হাঁহি উঠিলেই
মই উৎযাপন কৰিম
বসন্ত

সাগৰ সৌৰভ



Tuesday, 20 March 2018

ভ্ৰমণ বিৰতি


বহুদিন কাৰোৰে লগত দীঘলীয়া সময় কথা পতা নাই
বহুদিন কাৰোৰে লগত একাপ কফি খোৱা নাই
হাতত ধৰাধৰিকৈ খোজ কঢ়া নাই
বহা নাই নদীৰ ঘাটত
আৰু সোধা নাই কিমানবাৰ প্ৰেমত পৰিছা
জীৱনত ?

বহুদিন মই নিজক বিচাৰি পোৱা নাই
এদিন আমাক বিচাৰি গৈ দেউতাই হেৰুৱাইছিল
নিজক
সেই ভুল মই কৰা নাই
বহুদিন মই বিচাৰি পোৱা নাই নিজক

সাগৰ সৌৰভ

Saturday, 10 March 2018

হিমু


এদিন
হঠাতে
হিমু নোহোৱা হৈছিল
দিন বাৰ ঠিক মনত নাই
ফাগুনে ধুলি উৰুৱাই ভাগৰি পৰাৰ পিছত
আৰু আহি থকা বসন্তই নতুন সাজ এযোৰ পিন্ধিবলৈ লোৱাৰ
কোনোবা এটা মুৰ্হূতত
হিমু নাই
খুব হুৱা-দুৱাখন লাগিল
হিমু নাই
হিমু নাই
পিৰালিত বহি আয়তীয়ে বিনাই

তাৰ মাকৰ চকুপানী বাহি চোতালেদি
পদুলিমুখ পালেহি
সেইবাটেদি কিমানযে খোজ পৰিল
কিন্তু হিমু নাহিল
দিনৰ পিছত দিন বাগৰিল
নতুন বেশ, নতুন কথা আহিল
চৰকাৰো বদলিল
পৰিবৰ্তন আহিল কি নাহিল
হিমু নাহিল

দেহি ঐ, কি কিযে নেদেখিলোঁ
স্বৈৰাচাৰী শাসকৰ উৎপাত
শোষিত কৃষকৰ আত্মজাহ
ছাত্ৰৰ মূৰত প্ৰশাসনৰ লাঠীৰ কোব
উঘালি পেলোৱা লেলিনৰ প্ৰতিমূৰ্তি
আৰু…
ক'বলৈ ভাষা নাই
ভাষা নাই
পাতিবলৈ কথাবোৰ কাষত আজি হিমু নাই


শেষবাৰ দেখা হওঁ‌তে হিমুৱে কৈছিল-
নজনা-নভবাকৈ আমি মাথোঁ গৈ আছোঁ
গৈ আছোঁ…
এনেকৈ আৰু কিমান বা দিন

তেনেই খৰাং আজি নদীৰ ঘাট
কোনফালে পোনালে
উভতি অহাৰ বাট

গৈ থকা
আৰু উভতি অহা
একে যেন লাগিলেও
সেই বাট জানো একেই

গৈ আছে হিমু
ৰৈ আছো মই
হয়তোবা আপুনিও

সাগৰ সৌৰভ