Wednesday, 14 February 2018

আমাৰ ল'ৰা ভাল


ওখ শিমলুৰ ৰঙে যেতিয়া
মনলৈ কঢ়িয়াই আনে মাথো বিষন্নতা
এজন কবিলৈ মোৰ খং উঠে

ভালেমান দিন ধৰি
মই কবিতা লিখা নাই

আমি সকলো হেনো সময়ৰ দাস
কবিৰ ভাষাত
জীৱনৰ…

মিউজিয়ামৰ এচুকত সঁ‌জাই থোৱা
আইতাৰ কলিজাটোৱে
কলঢোক কলঢোককৈ
মোক সাধু এটা কৈ আছিল

আমাৰ ল'ৰা ভাল
এতিয়া হেনো সেইদিন আৰু নাই

স্বাভাবিক…

মদৰুৱা পথাৰ দেখি হুমুনিয়াহ কঢ়া
ল'ৰাটো আজি কেনি গ'ল

আমাৰ ল'ৰা ভাল

সাগৰ সৌৰভ