Saturday, 13 August 2016

পৰিসীমা




এইখিনিতে
 ঠিক এইখিনিতে ঘাটজালখন আছিল
সোঁতৰ পৰা ৰূপাহী মাছবোৰক জিয়নাখনলৈ তুলি
তাৰ বিহুফাঁকি লোহিতমুখৰ ফালে গৈ আছিল
সৌ সিদিনালৈকে…
তেতিয়াতেই ঘূ - ঘ্ৰাণে ওলাইছিল কথাটো
সুঁতিটো সেইফালে বোৱাই নিয়াৰ
এইখিনিতে
 ঠিক এইখিনিতে তাক পোতা হৈছিল
বিয়াৰ আগতেই বিধবা হোৱা মৰতীয়ে যেনিবা মুখকে নুখুলিলে
কিহৰ ভয়ত ?
দুমুঠি সুতাই ঢাকি পেলালে
পানীসৰা চালৰ মুধচ



এইবাটেদি গাড়ী – গুৰা নচলিছিলেই
ৰাস্তাৰ শিলবোৰেই ক’ব
ত্ৰিশূল লোৱা মানুহবোৰ অহাৰ কিমান দিন আগতেই
আৰু শিলঘাটৰ বেপাৰীবোৰ
ভোট নে ভোজ মানুহে গমকে নেপাইছিল
সাম কটা বানৰ পিছত অহা গোঁসায়েই আছিল
একমাত্ৰ আলহী



ভাবিছিলো
ঘূৰি আহি এদিন বাৰীৰ ঢাপ কাটি কলখেতি কৰিম
আঁহতৰ তলত বিহু পাতিম
আঁহতৰ তলত
স্পনচাৰৰ কথাবোৰ কিমান দিনৰ বুলিনো ভাবিছা
আঙুলিৰ মূৰত  কি গণিছে সিহঁতে
মন্দিৰো হ’ল কেইটা
আৰু বহুত কিবাকিবি
তেতিয়া এটাই নামঘৰ আছিল । এটাই ।
পিচলাৰ ফালে মানুহবোৰে হেনো কিবা নতুন ধৰ্মৰ কথা পাতিছে

জানানে
অতি সোনকালেই সিহঁত ভাগৰি পৰিব
ফাটকাবাজি আৰু উৰুলিৰ হৈ-হাল্লাত
এপাকো নাচিব নোৱাৰাকৈ সাবতি ল’ব শেতেলী
আৰু সেইসময়তে অতদিনে আঁকি থকা পৰিসীমাৰ ৰঙা ছবিখন
আমি ফালি পেলাম
                           
                                  সাগৰ সৌৰভ