Friday 25 November 2016

জীয়াভৰলীত বনভোজ




এদিন
সেমেকা বতৰত আমি জীয়াভৰলীত বনভোজ খাবলৈ বহিলোঁ
জুৰিলি বতাহত নাচি উঠিল
নৈৰ দুপাৰ
বিয়েৰৰ বটলটো খুলি দিওঁতে হোৱা বুৰবুৰণিটো আওকাণ কৰি
আমি ঢোকাঢোকে গিলিলোঁ
মূৰ পাক খাই যোৱা নিচাতো
অলেখ বুৰবুৰণি
ভাবত মতলীয়া হৈ
খালি বটলকেইটাকে ঝুনঝুনাই
আমি দেও পাৰি নাচিলোঁ

নাচৰ শেষত
আকৌ নাচিলোঁ
ইজনে সিজনক চৰিয়ালোঁ
ঘুচিয়ালোঁ
আৰু মুৰ্হূতৰ বাবে সাবট মাৰি ধৰিলোঁ

চোলাৰ বুটাম খুলি
দাঁত কৰচি
এইবাৰ বটলটো পানীলৈ
দলিয়াই পেলালোঁ
যিমান পানী উফৰি আহিল
নোমডালকে চুবহি নোৱাৰিলে

কিবা এটাৰ দুখত
অথবা উৎসাহত
পানীবোৰে আমাক এৰি যাব খুজিছিল
ভটিয়নী খোজত বটলটোৱে
আমালৈ চাই চাই ভেঙুচালি কৰিলে

সেইটোকো আওকাণ কৰি আমি
মূৰত বান্ধি ল’লোঁ গামোচা
গীতৰ শেষত নিজকে পাহৰিলোঁ
মাৰ যাব খোজা বেলিটোলৈ চাই
টেঁটু ফালি চিঞৰিলোঁ

লাহে লাহে সন্ধিয়াটোৱে আমাক
নিৰৱে গাত পাতি ল’লে



সাগৰ সৌৰভ