ভাতুকী
কান্দোনৰ শব্দ শুনি
মই উভটি আআহিছোঁ
তোমালোক নিজমনে নিজবাটে গৈ থকাৰ কথা
ভাতুকী বাইৰ কলিজা যেন
খাৱৈৰ দলংখন উটি যোৱাৰ পিছতো
বিলখনক লৈ খেক
খেক খেক খেক
কি শুনিলোঁ ভাতুকী
পৈয়ৰৰ গাত দোষ নাছিল বুলি
গাঁওখনকে ফালিলি
ফালিলি গগণ ফালিলি
এনাও দুনাও পানী ভৰি ভৰি
পকীদলংৰ খেল
শেঁওতা ফালি বেলি আকিলি
কিনো বুজিলি ভাদমহীয়া মেল
ভাতুকী নাযায় দ-লৈ
পৈয়েক নুঠে বামলৈ
হিলৈপৰীয়াত পানী বাঢ়িছে
গোঁসাই আহিছে চাবলৈ
গোঁসায়ে বোলে দলং বান্ধিব
আটায়ৰে হেনো আকাল গুছিব
ধেক ধেক ধেক
লাও তলে চিকা যায়
পিৰালিতে ভাতুকী বিনাই
হুক হুক হুক
আই-ঐ দেহি পৈয়েকে হেনো চোঁচা মাৰি যায়
শেহনিশাত নাৱত উঠি পৈয়েক সিপাৰলৈ যায়
আন্ধাৰতো জুপি জুপি ভাতুকীয়ে ভাওনাকে চায়
সাগৰ সৌৰভ