Thursday 2 April 2015

আলহী


















আলহী

তুলবুলীয়া হাঁহি এটাৰে
মাজে মাজে তুলতুলাই উঠি
আঙুলীৰ মূৰত গণিব পৰাকৈ
জীৱনে আমাক বহুকথাই শিকালে

বুকুখনত কিবা এটাই খুন্দা
মাৰি ধৰিল বুলিয়েই সিদিনা
সি গলগৈ

তাৰ পিছত বৌদেৱে
আঁচল মচি মচি
পথিকক যিবোৰহে শুনালে
চুবুৰিয়াই জুহালত মহলা মাৰিলে

চালে-বেৰে কোবাই
কথাটো গোপন কৰোঁতে কৰোঁতে
কোনেও ভূ-টোকে নুবুজিলে

ৰৌটোকে ঢৌ  কৰা
হুকহুকনিটো
লাহে লাহে কমি গৈ
নাইকিয়া হ

বতাহত ৰিচিপচিপাই থকা গানটোৱে
আমাৰ পুৰণি ঘৰখনৰ নতুন আলহীবোৰক
সিমানকৈ নকঁপালে

সাগৰ সৌৰভ

No comments:

Post a Comment