Sunday 22 February 2015

মৌচুমী আহিব













মৌচুমী আহিব

( সঞ্জীৱ তালুকদাৰৰ হাতত )


...আৰু
তেওঁলোকে মোক সুখী বুলি ভাবিলে
ভাবিলে চিলা উৰাই চিলা উৰাই
পশ্চিমৰ আকাশত সাতোৰঙী মই
শুনিলে ইকাণ-সিকাণ ঘূৰি ফুৰি যাযাবৰ
মায়াময় জীৱনৰ উদুলি মুদুলি পদুলিত
পুৱা-গধূলি চিকুণাই  তোলা পক্ষী

তোমালোকে দেখিছা
যি বাটেৰে তোমালোক গুছি গৈছা গুছি গৈছা
ভটীয়াই মাৰিছা চৈ
মই উভটি আহিছোঁ মূৰত তুলি লৈ
তলি ফুটা কলহৰ পানী এজোলোক – দুজোলোক  
জোলোকা-জোলোকে ভৰিৰ তলুৱালৈকে তিতি
যি নাছিল নহ’ব কাহানিও নহ’ব কাহানিও 
আৰু তেওঁলোকে ভাবি ল’লে
ৰাধাৰ হাঁহি যমুনাৰ পানীত মোৰ মুখ
ডিজিটেল কেমেৰাৰ চমক

তেওঁলোকে ভাবিলে
গাঁওখনত ময়েই চহকী
ময়েই তুলি আনি গোটেই পথাৰৰ শইচ
ভঁৰাল সাজিছোঁ
এহালি ভাঁটৌ পুহিছোঁ
দিনে-ৰাতিয়ে শিকাইছোঁ
মিঠা সম্ভাষণৰ আদৰ

তোমালোকেই দেখিছা
কুঁৱলী ফালি ওলাই অহা বেলিটোক কেনেকৈ মই আগচি ধৰিছোঁ আগচি ধৰিছোঁ 
ৰ’দৰ বতৰা সুধিছোঁ তোমালোকে খিলখিলাই হাঁহি উঠা আবেলিটোকে
সযতনে ৰাখি থৈছোঁ বহাগলে সুৰাৰ নিচাত দেওধনি নাচিছোঁ
অনাটনৰ বাবে হাহাকাৰ চাটিফুটি কৰি উঠিছোঁ চাটিফুটি সিঁহতৰ কথা ভাবি ভাবি
পাহাৰ বগোৱা লৰাকেইটাক ওভতাই নিবলে মই দৌৰি আহিছোঁ তিনিআলিৰ মূৰলৈ
পুঁৱতি নিশা দূৰৰ পৰাই সিহঁতে কোৱাকুই কৰা শুনিছোঁ
মৌচুমী আহিব
                                                সাগৰ সৌৰভ
 ২০১৫
                       
  








No comments:

Post a Comment