Thursday 10 April 2014

পিছলাৰ পানী










পিছলাৰ পানী

লোহিতমুখীয়া গীতফাঁকি আঁওৰাবলৈকে
মঙ্গলবৰীয়া বজাৰখন আমন-জিমনকৈ মঞ্চত উঠিছে
মিৰিগ্ৰামৰ চুচুক-চামাক হাঁহি
লগুৰিত যিমানেই শংধ্বনি
বাঢ়িছে পিছলাৰ পানী

পানী চাবলৈ যাব কেৱলীয়া
ভকত

পিছলাৰ পানীয়ে নাও বাই
দক্ষিণপাৰ পায়
লোহিতমুখৰ ভঙা কঁকাল
যোৰোতা নাই

পিছলাৰ পানীৰ ৰাসলীলা
পলৰ সুৰুঙাৰে উঠি আহে
মাছুৱৈ গাভৰুৰ বকুলে
খহি পৰে মেঠনিৰ পাক্
আন্ধাৰ অশ্লীল নিৰ্বাক

পিছলাৰ পানীতে উটি যায়
বংশী-পূজাৰীয়ে কবিতা গায়
বংশীৰ সাঁচিপাতত বাঁহী
পূজাৰীৰ হাঁহি

সাঁজৰ বেলি
আবেলিতে গো-ধুলি
পিছলাৰ পানী তাচপাতত বহে
এবাৰ জিকে
দুবাৰ হাৰে
লগুৰিত লগ পালে হুমুনিয়াহ কাঢ়ে

পিছলাৰ পানী গৈ লোহিতমুখ পায়
মঙ্গলবৰীয়া বজাৰে মঞ্চ কঁপায়

সাগৰ সৌৰভ

Wednesday 2 April 2014

হতবাক









হতবাক

অলপ আগতে আমি কি কথা পাতি আছিলোঁ
                                    নীলমণি ফুকন


যিবোৰ কথাই আমাক আমাৰ পৰা দূৰত ৰাখিব খুজিছিল
অলপ আগতে আমি তাকেই পাতি আছিলোঁ

জিলিকা ফুল আৰু সুগন্ধি নাচোনে আমাক ইমান মতলীয়া কৰিলে
আন্ধাৰখিনিক সাবটি জ্বলি থকা চাকিটোৰ শেষ পোহৰখিনিও মনিব পৰা নাছিলোঁ

আলিবাট – বালিবাট
হতবাক

নিজন দুপৰীয়া এটা অকলে অকলে বহি আছিল
চৰাইৰ ৰুণটোৱে আমাক তালৈকে মাতিছিল

কথাটো আছিল আকাল
লাগি থাকিল আমাৰ গাতে চিৰকাল

দুখৰ বাঁহী ইমান কৰুণ
অশ্ৰুত মুখ সিমান ভৰুণ

বুজিলেনে বাৰু কোনোবাই
পাক-ঘূৰণি সোঁতটোকে
কোন বাটৰ পথিক



সাগৰ সৌৰভ