পিছলাৰ
পানী
লোহিতমুখীয়া গীতফাঁকি আঁওৰাবলৈকে
মঙ্গলবৰীয়া বজাৰখন আমন-জিমনকৈ মঞ্চত উঠিছে
মিৰিগ্ৰামৰ চুচুক-চামাক হাঁহি
দ’লগুৰিত যিমানেই শংধ্বনি
বাঢ়িছে পিছলাৰ পানী
পানী চাবলৈ যাব কেৱলীয়া
ভকত
পিছলাৰ পানীয়ে নাও বাই
দক্ষিণপাৰ পায়
লোহিতমুখৰ ভঙা কঁকাল
যোৰোতা নাই
পিছলাৰ পানীৰ ৰাসলীলা
পলৰ সুৰুঙাৰে উঠি আহে
মাছুৱৈ গাভৰুৰ বকুলে’
খহি পৰে মেঠনিৰ পাক্
আন্ধাৰ অশ্লীল নিৰ্বাক
পিছলাৰ পানীতে উটি যায়
বংশী-পূজাৰীয়ে কবিতা গায়
বংশীৰ সাঁচিপাতত বাঁহী
পূজাৰীৰ হাঁহি
সাঁজৰ বেলি
আবেলিতে গো-ধুলি
পিছলাৰ পানী তাচপাতত বহে
এবাৰ জিকে
দুবাৰ হাৰে
দ’লগুৰিত লগ পালে হুমুনিয়াহ কাঢ়ে
পিছলাৰ পানী গৈ লোহিতমুখ পায়
মঙ্গলবৰীয়া বজাৰে মঞ্চ কঁপায়
সাগৰ সৌৰভ
No comments:
Post a Comment